চতিয়াৰ সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ দ্বাৰ উন্মোচন

চতিয়াৰ দক্ষিণাঞ্চলৰ সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি অতিৰিক্ত শ্ৰেণী কোঠাৰ দ্বাৰ উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই

author-image
Asomiya Pratidin
New Update
95

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ দক্ষিণাঞ্চলৰ সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি অতিৰিক্ত শ্ৰেণী কোঠাৰ দ্বাৰ উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই অতিৰিক্ত শ্ৰেণী কোঠাটোৰ দ্বাৰ উন্মোচন কৰি বিধায়কগৰাকীয়ে কয় যে বিদ্যালয়ৰ আন্ত:গাঠনি উন্নত হ'লেহে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ গ্ৰহনত সুবিধা হয়।

বিদ্যালয়খনিৰ ছাত্ৰ- ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাই বিদ্যালয়খনৰ চৌহদত এটা চাইকেল ষ্টেণ্ড নিৰ্মানৰ বাবে বিধায়ক পুঁজিৰ পাঁচ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

চতিয়া