বঙাইগাঁও ডাইছিছৰ ৰূপালী জয়ন্তীৰ মুকলি প্ৰাৰ্থনা

দেওবাৰে চিৰাং জিলাৰ চাপাগুৰীত বঙাইগাঁও ডাইছিছৰ ৰূপালী জয়ন্তী উদযাপনৰ মুকলি প্ৰাৰ্থনা অনুষ্ঠিত হয় । বঙাইগাঁও ডাইছিছৰ বিছপ থমাছ পুল্লোপুলিলে প্ৰাৰ্থনাৰ আদৰণী ভাষণ প্ৰদান কৰে

author-image
Asomiya Pratidin
New Update
290

ডিজিটেল সংবাদ, বঙাইগাঁও : দেওবাৰে চিৰাং জিলাৰ চাপাগুৰীত বঙাইগাঁও ডাইছিছৰ ৰূপালী জয়ন্তী উদযাপনৰ মুকলি প্ৰাৰ্থনা অনুষ্ঠিত হয় । বঙাইগাঁও ডাইছিছৰ বিছপ থমাছ পুল্লোপুলিলে প্ৰাৰ্থনাৰ আদৰণী ভাষণ প্ৰদান কৰে ।

WhatsApp Image 2025-11-23 at 5.35.12 PM

মুকলি প্ৰাৰ্থনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইটালীৰ ভেটিকান চিটি ( হোলি ছি )ৰ এপছটলিক নুনচিও তথা ভাৰত আৰু নেপালৰ ৰাষ্ট্ৰদূত ৰেভাৰেণ্ড লিঅ'পল্ড গিৰিললিয়ে। প্ৰাৰ্থনা অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চলৰ বিছপ সকল ক্ৰমে আইজলৰ ষ্টিফেন ৰোটলুঙাঙ্গা, আগৰতলাৰ লুমেন মনটেৰিও, কহিমাৰ জেমছ থপপিল, চিলঙৰ ভিক্টৰ লিডহ, ডিব্ৰুগড়ৰ আলবাৰ্ড হেমব্ৰম, নংচটইনৰ উইলবাৰ্ড মাৰোইন, দাৰ্জিলি- চিক্কিমৰ ষ্টিফেন লেপচা, জোৱাইৰ ফাৰ্ডিনাণ্ড দিখাৰ, জলপাইগুৰিৰ ফাবিন টপ্প, গুৱাহাটীৰ জোন মুলাছিৰা, ইম্ফলৰ  লিনাছ নেলি, ডিফুৰ পল মাটটেকক্ট, তুৰাৰ আনদ্ৰীউ মাৰাক, ৰাইগঞ্চৰ ফুলগেঞ্চ আলয়ছিয়াছ  টিগ্গা, তেজপুৰৰ মাইকেল আলকাছিছ টপ্প, ইটানগৰৰ ভাৰঘেছ ইদাথাট্টেল আৰু মিওৰ জৰ্জ পাললিপাৰামবিলে অংশগ্ৰহণ কৰে ।

WhatsApp Image 2025-11-23 at 5.35.10 PM

উত্তৰ- পূৰ্বাঞ্চলৰ বহু শতাধিক ফাদাৰ- ছিছটাৰ সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত অসম তথা  বিটিআৰৰ বড়ো, ৰাভা, গাৰো, আদিবাসী, চাওতাল, অসমীয়াকে ধৰি  লক্ষ্যাধিক কেথলিক ধৰ্মপ্ৰাণ লোক সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত বড়ো, ৰাভা, চাওতাল, হিন্দী , অসমীয়া, ইংৰাজী ভাষাৰে বাইবেল পাঠ আৰু প্ৰাৰ্থনাৰ গীত গোৱা হয় ।

উল্লেখ্য যে ভেটিকান চিটিৰ পৰা অহা এপছটলিক নুনচিও তথা ৰাষ্ট্ৰদূত গৰাকীয়ে অংশগ্ৰহণ কৰা প্ৰাৰ্থনা অনুষ্ঠানটোত অসমৰ কোনো জনগোষ্ঠীৰ থলুৱা বাদ্যযন্ত্ৰৰে  গীত পৰিবেশন কৰা দেখা নগ'ল । এনে কাৰ্য্যই ভৱিষ্যত প্ৰজন্মক অসমৰ থলুৱা বাদ্যযন্ত্ৰবোৰক এৰাই থকাৰ বাবে উদ্গনিমূলক কৰিব বুলি ভাবিব পাৰি।

বঙাইগাঁও