৩৯ বাৰকৈ ৰক্তদান কৰা ৰাজু দাস অসুস্থঃ সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ লিখিলে মুকলি চিঠি

বহু বিপদগ্ৰস্ত লোকক ৰক্তদানেৰে জীৱন দান দিয়া বোকাখাতৰ এজন যুৱক ৰাজু দাস বৰ্তমান ৰোগশয্যাত।

author-image
Asomiya Pratidin
New Update
fdfdfdfdfdfdf

ডিজিটেল সংবাদ, বোকাখাতঃ বহু বিপদগ্ৰস্ত লোকক ৰক্তদানেৰে জীৱন দান দিয়া বোকাখাতৰ এজন যুৱক ৰাজু দাস বৰ্তমান ৰোগশয্যাত। কোনোবা ৰুগীৰ যেতিয়াই জৰুৰী ভাৱে তেজৰ প্ৰয়োজন হয় তেতিয়াই ব্যক্তিগত সুবিধা-অসুবিধাক একাষৰীয়া কৰি থৈ এইজন ৰাজু দাসে নিজৰ শৰীৰৰ তেজ দি নাইবা বন্ধু-বান্ধৱৰ পৰা তেজ সংগ্ৰহ কৰি ব্যৱস্থা কৰি দিয়াটোকেই জীৱনৰ ব্ৰত হিছাপে গ্ৰহণ কৰিছিল। 

কেৱল গোলাঘাট জিলাখনতেই নহয় অসমৰ যিকোনো ঠাইৰ তেজৰ প্ৰয়োজন হোৱা ৰুগীৰ ওচৰত উপস্থিত হৈছিল ৰাজু দাস। নিজাববীয়াকৈ ৩৯ বাৰ ৰক্তদান কৰা ৰাজু দাস বৰ্তমান গুৰুতৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে। ধনৰ অভাৱত কৰাব পৰা নাই উন্নত চিকিৎসা। 

ৰক্তদান তথা সামাজিক কাম-কাজৰ বাবে ইতিমধ্যে বিগত সময়ত সামাজিকভাৱে কেইবাটাও অনুষ্ঠানে ৰাজু দাসক স্বীকৃতি তথা সন্মান প্রদান কৰি আহিছে‌। অৱশ্যে কিছু সংখ্যক শুভাকাংক্ষী আৰু বন্ধু-বান্ধৱে সহায় আগবঢ়াইছে যদিও উন্নত চিকিৎসাৰ বাবে সেয়া পৰ্যাপ্ত নহয়। ইফালে বোকাখাতৰ বিধায়ক অতুল বৰাকো সহায়ৰ বাবে অনুনয়-বিনয় কৰিছিল ৰাজু দাসে। কিন্তু আৰ্তজনৰ বাবে ৩৯বাৰকৈ
ৰক্তদান কৰা ৰাজুৰ চিকিৎসাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাতো দায়িত্বৰ ভিতৰত নপৰিল বিধায়ক অতুল বৰাৰ।

সেয়ে উপায়ান্তৰ হৈ ৰাজু দাসে মুখ্যমন্ত্রীলৈ সামাজিক মাধ্যম যোগে লিখিছে এখন মুকলি চিঠি :

"নমস্কাৰ গ্ৰহণ কৰিব। মই ৰাজু দাস বোকাখাত বিধানসভা সমষ্টিৰ ৰজাবাৰী গাঁৱৰ বাসিন্দা। বিগত দুটা দশক ধৰি মই আৰ্তজনৰ সেৱাৰ বাবে বিভিন্নধৰণে নিয়োজিত হৈ আছিলোঁ। বিভিন্ন ৰোগীক ৰক্তদানৰ লগতে বিভিন্নধৰণে সহায়-সহযোগ আগবঢ়াই আহিছিলোঁ। ব্যক্তিগতভারে ৩৯বাৰ স্বেচ্ছামূলক ৰক্তদান কৰিছোঁ। ৰক্তদান তথা সামাজিক কাম-কাজৰ বাবে ইতিমধ্যে বিগত সময়ত সামাজিকভারে কেইবাটাও অনুষ্ঠানে মোক স্বীকৃতি তথা সম্মান প্রদান কৰিছে। মহোদয়, আপোনাক অতি দুখেৰে জনাও যে যোৱা প্ৰায় এবছৰৰ পৰা পৰা গুৰুতৰভাৱে যকৃৎ আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ অসমৰ বিভিন্ন ঠাইত চিকিৎসা কৰি দিশহাৰা হৈ পৰিছোঁ। উল্লেখ্য, মই এজন শাৰীৰিকভাৱে সক্ষম লোক। বর্তমান মোৰ কোনো উপাৰ্জনৰ পথ নাই আৰু হাতত থকা সাঁচতীয়া ধনকেইটা ইতিমধ্যে মোৰ চিকিৎসাত ব্যয় কৰি মই সৰ্বস্ৰান্ত হৈ পৰিছোঁ। মোৰ শুভাকাংক্ষীসকলে মোক চিকিৎসাৰ বাবে যেনেকৈ পাৰে সহায়-সহযোগ কৰিছে। কিন্তু বর্তমান মোৰ উন্নত চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হৈছে। অৰ্থৰ অভাৱত বর্তমান মই চিকিৎসা কৰিব নোৱাৰা হৈ ঘৰতে পৰি থাকিব লগা হৈছে। বিগত সময়ছোৱাত আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী মাননীয় অতুল বৰাক মোৰ চিকিৎসাৰ ক্ষেত্ৰত যৎকিঞ্চিত সহায় কৰিবলৈ বহুবাৰ অনুনয় বিনয় কৰিছিলোঁ যদিও বর্তমানলৈকে কোনো সদুত্তৰ নাপালোঁ। বৰ্তমান মোৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক। যকৃৎ প্রায় বিকল হৈছে। গতিকে মাননীয় অতুল বৰাৰ যোগেদি মুখ্যমন্ত্রী মহোদয়ক মই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে মোৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু সহায় কৰি মোক মোক উপকৃত কৰিব। বর্তমান মই অর্থ আৰু চিকিৎসাৰ অভাৱত অতি কষ্ট ভোগ কৰি ঘৰতে পৰি আছোঁ। আশাকৰে। মহোদয়ে দয়া কৰি মোৰ চিকিৎসাৰ ক্ষেত্ৰত যৎকৃঞ্চিত সহায় কৰিব।" 

অৱশ্যে এই চিঠিৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজু দাসলৈ আগবঢ়াব নে সহায়ৰ হাত ? স্বাভাৱিকতেই এয়া লক্ষণীয় হ'ব।

বোকাখাত