/asomiyapratidin/media/media_files/2026/02/22/udjjdjd-2026-02-22-12-07-07.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ মুখ্যমন্ত্ৰীৰ আশ্বাস পাই অৱশেষত ৯ দিন পিছত অনশন প্ৰত্যাহাৰ কৰিলে বিষ্ণুপ্ৰিয়া মণিপুৰী সকলে। অনশন কাৰী সকলৰ দাবী পুৰণ সন্দৰ্ভত অহা ২৪ ফেব্ৰুৱাৰীত অসম সচিবালয়ত বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে আলোচনাত বহিবলৈ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আমন্ত্ৰণ দিয়াৰ পিছত অৱশেষত ৯ দিনৰ মুৰত অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিলে সত্যাগ্ৰহী অনশন কাৰী সকলে।
যোৱা শুকুৰবাৰে শিলচৰ ISBT ত মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেখা কৰাৰ পিছত বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকায়ো টেলিফোনত অনশন কাৰী সকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত অনশন প্ৰত্যাহাৰ কৰে।
আলোচনাৰ বাবে চৰকাৰৰ পৰা আমন্ত্ৰণ পোৱাৰ পিছত অনশনত বহা নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভা, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থা, বিষ্ণুপ্ৰিয়া মণিপুৰী গণসংগ্ৰাম পৰিষদ,বিষ্ণুপ্ৰিয়া মণিপুৰী সৈনিক ওৱেলফাৰ অৰ্গানাইজেছন আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ওমেন অৰ্গানাইজেছনৰ উমেহতীয়া মঞ্চৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি প্ৰতিদিন টাইমৰ আগত অনশন প্ৰত্যাহাৰৰ সিদ্ধান্তৰ কথা সদৰী কৰে সংগঠন কেইটাৰ নেতৃত্বই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us