জুবিন গাৰ্গৰ বিদায়লৈ আৰু মাত্ৰ কিছু পৰ : সাজু হৈছে চিতা...

চাৰিজন মানুহৰ কান্ধত সোণাপুৰলৈ অন্তিম সংস্কাৰৰ বাবে লৈ যোৱা হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। ইতিমধ্যে যুদ্ধকালীন গতিৰে সজাই তোলা চিতা সাজু কৰি তোলা হৈছে।

author-image
Asomiya Pratidin
New Update
400

ডিজিটেল ডেস্ক : ”মই মৰিম যিদিনা ঐ / একেডাল বাঁহকে তিনি চেওঁ কৰিব ঐ / মাজৰ চেওঁ কচালিৰ কামি / চাৰিজন মানুহে কান্ধত তুলি নিব/  নৈৰ ঘাটলে বুলি মোৰ মনাই ঐ…।।” 

এনেদৰে চাৰিজন মানুহৰ কান্ধত সোণাপুৰলৈ অন্তিম সংস্কাৰৰ বাবে লৈ যোৱা হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। ইতিমধ্যে যুদ্ধকালীন গতিৰে সজাই তোলা চিতা সাজু কৰি তোলা হৈছে। এতিয়া মাথো কিছু পৰ। মঙলবাৰে দুপৰীয়া চিৰদিনৰ বাবে অসমবাসীৰ মাজৰ পৰা গুচি যাব জুবিন গাৰ্গ। 

উল্লেখযোগ্য যে, কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে, জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব জি এম চি এইছত। তাৰ পাছতে দুপৰীয়া ২-০০ বজাত শিল্পীগৰাকীক আদৰ-সাদৰেৰে আৰু স-সন্মানেৰে লৈ যাব সোণাপুৰলৈ। সোণাপুৰেই হ’ব শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা...

জুবিন গাৰ্গ