/asomiyapratidin/media/media_files/2025/07/01/web-ap-chandigarh-2025-07-01-12-04-28.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ এটা জনপ্ৰিয় সংলাপ হৈছে “তাৰিখ পে তাৰিখ”। এই সংলাপটো নজনা বা নুশুনা হয়তো কোনো লোক নাই। পিছে এতিয়া অতীত হল “তাৰিখ পে তাৰিখ”। চণ্ডীগড় আৰক্ষীয়ে তিনিখন নতুন অপৰাধমূলক আইন কাৰ্যকৰী হোৱাৰ প্ৰথম বছৰৰ ভিতৰতে ৯১ শতাংশতকৈ অধিক দোষী সাব্যস্ত হোৱাৰ হাৰ লাভ কৰিলে।
উল্লেখযোগ্য যে, বিএনএছ, বিএনএছএ) আৰু বিএছএ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা ভাৰতৰ প্ৰথমখন চহৰ আছিল চণ্ডীগড়। ২০২৪ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত এই আইনসমূহ সফল ৰূপায়ণৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে আগষ্ট মাহত গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাক আধুনিকীকৰণৰ বাবে চাৰিটা ডিজিটেল প্লেটফৰ্ম মুকলি কৰিছিল।
ইফালে, এবছৰৰ পৰিৱৰ্তনৰ সবিশেষ শ্বেয়াৰ কৰি চণ্ডীগড়ৰ এছএছপি কনৱৰ্দীপ কৌৰে সদৰি কৰে যে, "মুঠ ৭৮টা সিদ্ধান্ত লোৱা গোচৰৰ ভিতৰত ৭১টা গোচৰত দোষী সাব্যস্ত হোৱাটো নিশ্চিত হৈছে, যাৰ ফলত বিএনএছৰ অধীনত ৯১.১ শতাংশ দোষী সাব্যস্ত হোৱাৰ হাৰ পোৱা গৈছে। পঞ্জীয়নৰ তাৰিখৰ পৰা ১০৯ দিনৰ অভিলেখ সময়ত এই দোষী সাব্যস্ত হয়। ২৯ জুনলৈকে আৰক্ষীয়ে নতুন আইনৰ অধীনত ১৪৫৯টা ই-এফআইআৰকে ধৰি ৩১৫৪টা এফআইআৰ পঞ্জীয়ন কৰিছে। ৭৫৮টা গোচৰত চাৰ্জশ্বীট দাখিল কৰা হৈছে যদিও গড় দোষী সাব্যস্ত হোৱাৰ সময় ৩০০ দিনৰ পৰা ১১০ দিনলৈ হ্ৰাস কৰা হৈছে।"