/asomiyapratidin/media/media_files/2025/09/01/whatsapp-2025-09-01-16-12-17.jpeg)
ডিজিটেল সংবাদ, ধুবুৰীঃ বাংলাদেশী কুখ্যাত জামাত-ঈ-ইছলামীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে আন এজন শিক্ষক। এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ আৰক্ষীৰ এটি দলে সোমবাৰে কোকৰাঝাৰ জিলাৰ কাজিগাঁওৰ পৰা আটক কৰে জেহাদী সংগঠনেৰে ঘনিষ্ঠ সম্পৰ্ক থকা শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টৰক।
উল্লেখযোগ্য যে, কেইবাদিন ধৰি পলাতক অৱস্থাত থকা শিক্ষক হজৰত আলী। আৰক্ষীয়ে ধৃত শিক্ষক জনক জেৰা চলাই থকাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ধৃত হজৰত আলী ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল। কিছুদিন পূৰ্বে আৰক্ষীয়ে সেই একেখন বিদ্যালয়ৰে শিক্ষক শ্বাহ আলম সৰকাৰক জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।