১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. ৩০ মে'ত শপত ল'ব অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীয়ে। বৃহস্পতিবাৰে ১২.২৩ মিনিটত হোৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু।

Advertisment

২. মঙলবাৰৰে পৰা বুধবাৰৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ ৪ বিধায়কে যোগদান কৰিলে বিজেপিত কৰিলে যোগদান।

৩. দিল্লীত আটক ভুৱা পাৰ্চপট নিৰ্মাণ কৰা ৩ যুৱক। বৰ্তমান দিল্লী আৰক্ষীৰ জিম্মাত ধৃত যুৱককেইজন।

৪. তেলেগু দেশম পাৰ্টিৰ বিধায়নী দলৰ দলপতি হিচাপে নিৰ্বাচিত এন চন্দ্ৰবাবু নায়ডুক। বুধবাৰে অনুষ্ঠিত হয় বৈঠক।

৫. বৃহস্পতিবাৰে নতুন চৰকাৰৰ শপত গ্ৰহণ। ৬০০০ জন অতিথিক আদৰিবৰ বাবে সাজু ৰাষ্ট্ৰপতি ভৱন।

৬. 'বিজেপিয়ে মোডীৰ আসাধাৰণ ব্যক্তিত্ব গঢ়ি তুলি অতি নিয়াৰিকৈ মাকেটিং কৰিছে' এই মন্তব্য কংগ্ৰেছ নেতা শশী থাৰুৰ।

৭. 'অৰুণ জেটলী সোনকালে সুস্থ হৈ উঠক, ৰাজনীতি মতভেদৰ মাজতো মই তেওৰ পৰা যথেষ্ট স্নেহ পাইছো' এই মন্তব্য কৰিলে অৰবিন্দ কেজৰিৱালে।

৮. 'এনে এটা ফলাফল কল্পনাও কৰা নাছিলো' লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত এই মন্তব্য কৰিলে তেজস্বী যাদৱে।

৯. নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব ছোনীয়া আৰু ৰাহুল গান্ধীয়ে। মমতা বেনাৰ্জীয়ে নলয় অংশ।

১০. ৰাজ থাকৰেক বৃহস্পতিবাৰে সাক্ষাৎ কৰে শৰদ পৱাৰে। ৪৫ মিনিটজোৰা এই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা।

১১. বুধবাৰে ৬৫ বছৰ বয়সত ভৰি দিলে বলিউদৰ অভিনেতা পংকজ কাপুৰে। অলেখ গুণমুগ্ধই জনালে শুভকামনা।

১২. 'সমগ্ৰ দেশত ভয় আৰু আতংকৰ পৰিৱেশ সৃষ্টি কৰা হৈছে' এই মন্তব্য কনহাইয়া কুমাৰৰ।

১৩. পুনৰ গীত গাই ৰোষত পৰিল শিল্পী। পৰম্পৰাগত লোকগীত অশুদ্ধ ৰূপত পৰিৱেশন কৰি বিতৰ্কত সোমাই পৰিছে কন্ঠশিল্পী জুবলি।

১৪. এইবাৰ উগ্ৰপন্থীৰ টাৰ্গেট লামডিং ৰে'ল ষ্টেচন। যিকোনো মুহূৰ্ততে উগ্ৰপন্থীয়ে সংঘটিত কৰিব পাৰে কূটাঘাত।চোৰাংচোৱাৰ তথ্য লাভৰ পাছতে তত্পৰ আৰক্ষী ।

১৫. বুধবাৰে অৰুণ জেটলীক সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বহু সময় ধৰি চলে বাৰ্তালাপ।

১৬. আগ্ৰাৰ ফটেহপুৰত দুবৃৰ্ত্তৰ গুলীচালনা। আহত কেইবাজনো বিদেশী পৰ্যটক।

১৭. ত্ৰিপুৰা ৰে'ল ষ্টেচনত ৫ টা পিষ্টল, ৬ টা মেগজিনৰ সৈতে আটক ৩ ব্যক্তি। নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰা হয় মৰণাস্ত্ৰখিনি।

১৮. বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ বিমানেৰে উপস্থিত হয়হি দিল্লীত। বৃহস্পতিবাৰে ভাগ লব মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত।

১৯. অসম আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত বুধবাৰে গ্ৰেপ্তাৰ কৰা হয় এন ডি এফ বি(এছ)ৰ এজন কেদাৰ। জব্দ কৰা হয় এক কে ৪৭ লগতে এটা মেগজিন।

২০. বুধবাৰে কনাৰ্টকৰ বেংগালুৰুত অনিষ্ঠিত হয় কংগ্ৰেছৰ বিধীয়িনী দলৰ বৈঠক। উপস্থিত দলৰ কেইবাজনো শীৰ্ষ নেতা।

২১. 'নৰেন্দ্ৰ মোডী ডাঙৰীয়াক অভিনন্দন জনাবৰ বাবে মই কাইলৈ দিল্লীত উপস্থিত থাকিম' এই মন্তব্য চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘলৰ।

২২. জনপ্ৰিয় বাঁহীবাদক দুৰ্গেশ্বৰ বৰালৈ জুবিন গাৰ্গৰ অৰ্থ সাহায্য।বৰাৰ আমগুৰিৰ বাসগৃহত উপস্থিত হৈ জুবিনে আগবঢ়ালে চে'ক।নগদ ৩০ হাজাৰ টকা সাহায্য আগবঢ়ালে দুৰ্গেশ্বৰ বৰাক ।

২৩. জোনাইত জব্দ বৃহত্ পৰিমাণৰ ব্ৰাউন ছুগাৰ। লেকু জেলম গাঁৱত উদ্ধাৰ ব্ৰাউন ছুগাৰ।মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে আৰক্ষীয়ে।

২৪. বিহাৰৰৰ গয়াত উদ্ধাৰ ৫ টা মৃতদেহ। আৰক্ষীৰ তদন্ত অব্যাহত।

২৫. আৰম্ভ হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি 'গুমনামী'ৰ শ্বুটিং । ২০২০ চনৰ জানুৱাৰী মাহত মুক্তি পাব ছবিখন।