Advertisment

১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ

১. অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে যমুনা বড়োৱে। মহিলা বক্সাৰ যমুনা বড়োৱে ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট কাপ বক্সিঙত লাভ কৰিছে স্বৰ্ণপদক। ফাইনেলত যমুনাই ইটালীৰ জুলিয়ানা লামাগনাক পাচ শূন্য ব্যৱধানত পৰাস্ত কৰে।

Advertisment

২. সোমবাৰে পুনৰ প্ৰতিবাদত উত্তাল হ'ল দিছপুৰ লাষ্টগেট৷ বিধানসভা অধিৱেশনৰ তৃতীয় দিনা ৫টাকৈ সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ৷ 

৩. চন্দ্ৰযান-২য়ে সোমবাৰে প্ৰৱেশ কৰে মহাকাশৰ তৃতীয় কক্ষত। আৰু ৩টা পৰ্যায়ৰ পাছত চন্দ্ৰৰ নিচেই কাষত পাবলৈ মহাকাশযান। ইছৰ'ই এই কথা জনায় সোমবাৰে।

৪. মোজাম্বিকৰ প্ৰধানমন্ত্ৰী কাৰ্ল'ছ এগষ্টিনহ ডু ৰছাৰিঅক সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। মাপুট'ত মিলিত হয় দুয়োখন দেশৰ প্ৰতিনিধিদ্বয়।

৫. সোমবাৰে মুম্বাইৰ আৰক্ষী থানাত অভিযোগ দাখিল বিশিষ্ট গায়ক উদীত নাৰায়ণৰ। যোৱা এমাহ ধৰি অচিনাক্ত নম্বৰৰ পৰা ফোন কৰি হাৰাশাস্তি কৰাৰ অভিযোগ কৰে গায়কজনে।

৬. বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী সুশীল মোডীৰে মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হয় তেওঁলোক।

৭. মহাৰাষ্ট্ৰৰ এগৰাকী মহিলাই দুটি কন্যা সন্তান আৰু এটা পুত্ৰ সন্তানক হত্যা কৰাৰ পাছতে নিজেও ফাঁচী লগাই আত্মহত্যা কৰে । মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে যে মহিলাগৰাকীৰ কন্যান সন্তান দুটি বলাৎকাৰৰ বলি হৈছিল।

৮. ডায়ৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যনে লাইচেঞ্চ নিষেধ কৰে দুজন স্পাইচজেটৰ বৈমানিকৰ। ১ জুলাই, ২০১৯ত জয়পুৰৰ পৰা মুম্বাইলৈ উৰা মৰা এছ জি-৬২৩৭ নম্বৰৰ বিমান দুৰ্ঘটনাত পতিত হোৱাৰ বাবে লাইচেঞ্চ নিষেধ।

৯. অন্ধ্ৰপ্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মুকেশ গ'ডৰ দেহাৱসান। কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

১০. গুজৰাটৰ বানাছকান্ত এলেকাত ধাৰাসাৰ বৃষ্টিপাত। বানাছকান্তৰ মাদকা গাঁৱত সৃষ্টি হয় বানৰ। বাট-পথ, ঘৰ-বাৰী সকলো বানৰ কৱলত।

১১. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ উপদেষ্টা হিচাপে এম লক্ষ্মীনাৰায়ণক নিযুক্তি। সোমবাৰে তেওঁক এই পদৰ বাবে দিয়া হয় নিযুক্তি।

১২. মহাৰাষ্ট্ৰ গাৰাঞ্জী অৰণ্যত আৰক্ষীৰ অভিযান। অভিযানকালত এগৰাকী মহিলা মাওবাদী নিহত।

১৩. মহাৰাষ্ট্ৰৰ কংগ্ৰেছ বিধায়ক কালিদাস কোলাম্বকাৰৰ দলত্যাগ। অহা ৩১ জুলাইত বিজেপিত যোগদান কৰিব কোলাম্বকাৰে।

১৪. ছত্তীশগড়ৰৰ ৰাজ্যপাল হিচাপে অনুশ্যা উইকে'ৰ শপতগ্ৰহণ। সোমবাৰে ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে শপত লয় তেওঁ।

১৫. মহাৰাষ্ট্ৰত বানৰ তাণ্ডৱ অব্যাহত। ৰাজ্যখনৰ অমৰাৱতীৰ শিপ্না নদীৰ জলপৃষ্ঠ বৰষুণৰ ফলত পালে পুনৰ বৃদ্ধি।

১৬. উত্তৰাখণ্ডৰ হৰিদ্বাৰত কাঁৱাৰ যাত্ৰাত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ'বৰ বাবে ড্ৰ'নযোগে পৰ্যবেক্ষণ এছ ডি আৰ এফ বাহিনীৰ। হৰিদ্বাৰত সোমবাৰে প্ৰায় ৩.৩০ কোটি ভক্ত উপস্থিত।

১৭. উত্তৰপ্ৰদেশৰ ৰাজ্যপাল হিচাপে আনন্দীবেন পেটেলৰ শপতগ্ৰহণ। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে উত্তৰপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ৰাম নায়ক।

১৮. জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘা। দিনৰ প্ৰায় ১২.৪৫ বজাত ৰাজ্যখনৰ পুঞ্চ চেক্টৰত গুলীবৰ্ষণ পাক সেনাৰ। ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১৯. উত্তৰাখণ্ডত ভূমিস্খলন। ৰাজ্যখনৰ পিথোৰাগড় জিলাৰ জাউলজিপি-মুনছিয়াৰী সংযোগী পথত ভূমিস্খলন। ফলত পথটোত যান-বাহন চলাচল ব্যাহত।

২০. সোমবাৰে দিল্লীৰ পৰা ৰাঞ্জী অভিমুকে উৰা মাৰিবলৈ লোৱা সময়তে ৰানৱে'ত এয়াৰ এছিয়াৰ এখন বিমানত খুন্দা মাৰে চৰাইয়ে। ফলত উৰণ বাতিল কৰে বিমানখনৰ কেপ্টেইনে।

২১. কেলিফৰ্ণিয়াৰ ফুড ফেষ্টিভেলত দুৰ্বৃত্তৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত আহত কেইবাজনো লোক।

২২. সোমবাৰে পুৱা ভূমিকম্পই কঁপালে হিমাচলপ্ৰদেশ। ৰাজ্যখনৰৰ লাহাউল-স্পিটিত পুৱা ৪.৩ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়।

২৩. ১৫ আগষ্টত ভাৰতৰ ছবিগৃহসমূহত মুক্তি পাব নতুন হিন্দী ছবি 'ছাহো'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

২৪. মহাৰাষ্ট্ৰৰ থানে জিলাৰ কাচৰালী হ্ৰদত উদ্ধাৰ এটা আহত কাছ। আৰ ডি এম চিয়ে আহত কাছটোক উদ্ধাৰ কৰি লৈ যায় পশু চিকিৎসালয়লৈ।

২৫. ৩০ আৰু ৩২ জুলাইত বন্ধ থাকিব ছত্তীশগড়ৰ সকলো শিক্ষানুষ্ঠান। বানৰ ফলত এই দুদিন বন্ধ ৰখা হ'ব ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ।