/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news.jpg)
১. 'নৰেন্দ্ৰ মোদী নিমখ হাৰাম'। গুজৰাটত বিহাৰ আৰু উত্তৰপ্ৰদেশৰ শ্ৰমিকৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ মোদী এইদৰে কটাক্ষ কৰিলে গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীয়ে।
২. গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি তৃতীয় দিন। দেশ বিদেশৰ ২১ খন ছবি প্ৰদৰ্শিত। জ্যোতি চিত্ৰবনত যশস্বীপৰিচালক মুমিন বৰুৱাৰ স্মৰণ কৰি 'প্ৰভাতী পখীৰ সুৰ' প্ৰদৰ্শন।
৩.অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ গীত মাতৰ গধূলিৰ আজি প্ৰথম সন্ধিয়া। মঞ্চত এজাক শিশু শিক্ষাৰ্থীৰ নৃত্য গীত প্ৰদৰ্শন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/prakash.jpg)
৪. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছ ডি কুমাৰস্বামীৰ নিৰ্দেশ। 'মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ সকলো ফাইল ইংৰাজীৰ পৰিৱৰ্তে কন্নড় ভাষাত প্ৰেৰণ কৰক।'
৫. মি টুৰ সন্দৰ্ভত শনিবাৰে অভিনেতা চৈয়ফ আলী খানৰ মন্তব্য। ' কাৰো সাহস নাই যে মোৰ পৰিয়ালৰ কোনো সদস্যৰ লগতঅশালীন ব্যৱহাৰ কৰিব।'
৬. শুকুৰবাৰে মুক্তি পালে ছানী দেউল অভিনীত হিন্দী ছবি 'ভায়াজী ছুপাৰহিট'ৰ ট্ৰেইলাৰ। ছবিখনৰ ছানীৰ বিপৰীতে অভিনয় কৰিছে প্ৰীতি জিন্টা আৰি অমিষা পেটেলে।
৭. শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ নাইডু আৰু প্ৰাক্তন জেডিইউ নেতা তথা সাংসদ শৰদ যাদৱ এক বৈঠকত মিলিত। নেতা ৩জনৰ মাজত ৰাজনৈতিক কিছু বাৰ্তালাপ হোৱা বুলি ছচিয়েল মিডিয়াত প্ৰকাশ কেজৰিৱালৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/kajjjj.jpg)
৮. আমেৰিকাৰ পিৰ্টছবাৰ্গত শনিবাৰে সন্ধিয়া দুৰ্বৃৰ্ত্তৰ গুলীছালনাত ৪জন লোকৰ মৃত্যু। ঘটনাস্থলীত উপস্থিত নিৰাপত্তাৰক্ষী।
৯. অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি। পঞ্জাৱৰ ফিৰোজবাদ জিলাত স্বামীয়ে প্ৰথমে পত্নীক হত্যা কৰি নিজেও চিঁপ লৈ আত্মহত্যা।
১০. বিহাৰৰ জহানাবাদত নিশংস হত্যাকাণ্ড। যৌতুকত মটৰচাইকেল নোপোৱাৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক।
১১.মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে বুলি অপ্ৰচাৰ কৰি দেশৰ জনগণৰ পৰা সভানুভূতি আদায়ৰ চেষ্টা কৰিছে মোদীয়ে। শনিবাৰে পুনেত ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টিৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসত এইদৰে মোদীক কটাক্ষ কৰে শৰদ পৱাৰে।
১২. দুৰ্নীতিৰ ক্ষেত্ৰত সৰ্তক হৈছে দিল্লী চৰকাৰ। কোনো কাৰ্যালয়ৰ কৰ্মচাৰীয়ে উৎকোচ ললে তেওৰ ফটো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ হোৱাটচ এপ যোগে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালে উপ মুখ্যমন্ত্ৰী মনীষ চিচৌদিয়াই।
১৩. শীঘ্ৰেই সম্প্ৰসাৰন হব উত্তৰ প্ৰদেশৰ যোগী চৰকাৰ মন্ত্ৰী মণ্ডলী। শনিবাৰে এই ঘোষণা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।
১৪. দেশৰ আটাইকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। দেশত গুগ'লত আটাইকৈ বেছি চাৰ্জ কৰে মুখ্যমন্ত্ৰী যোগীকো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/YOGIBFJFBJUsdvbju.jpg)
১৫. পাকিস্তান উচ্চতম ন্যায়ালয়ে পাকিস্তানৰ স্থানীয় টিভি ছেনেলত ভাৰতীয় ছবি আৰু চিৰিয়েল পৰিৱেশনত নিষেধেগা আৰোপ। শনিবাৰে প্ৰদান কৰে এই নিৰ্দেশ।
১৬. মহাকাশচাৰী ৰাকেশ শৰ্মাৰ ওপৰত নিৰ্মাণ হ'বলগীয়া বায়'পিক ফিল্মখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব শ্বাহৰুখ খানে। পূৰ্বতে এই ছবিখন অভিনেতা আমিৰ খানে অভিনয় কৰিব বুলি খবৰ ওলাইছিল।
১৭. শুকুৰবাৰে জাপানৰ প্ৰধানমন্ত্ৰী চিংজৌ অবে ১০০০ জন জাপানী কোম্পানীৰ প্ৰতিনিধিৰ সৈতে উপস্থিত হয় চীনত। দুয়োখন দেশৰ মাজত সম্পন্ন হব ২.৬ আৰবৰ ব্যৱসায়িক চুক্তি ।
১৮.চীনৰ চাংডৌঙ্গ প্ৰান্তত অৱস্থিত এটা কয়লাখনিত শনিবাৰে সংঘটিত হোৱা এক দুৰ্ঘটনাত ২ জন শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ২২ জন শ্ৰমিক।
১৯. ২৬ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে দিল্লীত উত্তৰ-পূব মহোৎসৱ।শনিবাৰে মহোৎসৱত অনুষ্ঠিত হয় এনআৰচি সন্দৰ্ভত এক আলোচনা চক্ৰ।
২০.শনিবাৰে শিৱসাগৰত গাঁওবুঢ়া ভৱন মুকলি। সাংসদ পুঁজিৰে নিৰ্মিত ভৱনটো উন্মোচন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।
২১. শিলিগুৰিত শনিবাৰে ডিআৰআইয়ে জব্দ কৰে ৫৫ কেজি সোণ। আন্তৰাষ্ট্ৰীয় বজাৰত সোণখিনিৰ মুল্য ১৮.১৬ কোটি টকা।
২২. অসমৰ অংকুশিতা বড়োৰ সাফল্য । ইম্ফলত অনুষ্ঠিত প্ৰথম নৰ্থ ইষ্ট অলিম্পিকত মনিপুৰক বস্কাৰক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/last.jpg)
২৩. শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ কটৰা বজাৰত এজন ব্যক্তিক হত্যা কৰিলে দুৰ্বৃৰ্ত্তই। আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।
২৪.শনিবাৰে যোৰহাটত অনুষ্ঠিত হোৱা ঐক্য সেনা অসমৰ বিশাল জনসভাত জাতিদ্ৰোহী বিধেয়কখন ডাষ্টবিনত দলিওৱাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই।
২৫. শনিবাৰে ইষ্টাৰ্ণ নাগালেণ্ডৰ মুখ্য শিবিৰত পিডিচিকেৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন। অধ্যক্ষ আই কে সংবিজিতে উত্তোলন কৰে প্ৰতিষ্ঠা দিৱসৰ পতাকা ।