
১. মহানগৰীৰ ফাঁচি বজাৰত দিন ডকাইতি। লুট কৰি নিলে বেংকৰ পৰা ৪০ লাখ টকা। আৰক্ষীৰ তদন্ত অব্যাহত।
২. দিল্লীৰ বিকাশ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড। ৬খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।
৩. জম্মু-কাশ্মীৰ মঙলবাৰে পাক সেনাৰ যুদ্ধবিৰতি উলংঘা। সন্ধিয়া প্ৰায় ৬.৩০ বজাত পুঞ্চ ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।
৪. হিমাচলপ্ৰদেশৰ চাম্বাত পথত আৱদ্ধ ২৪খনকৈ বাছ। পথটোৰ এটা অংশ খহি পৰাৰ ফলত এনেদৰে পথতেই আৱদ্ধ হৈ পৰে বাছ কেইখন।
৫. তামিলনাডুৰ মুনাইকাডুত উদ্ধাৰ প্ৰায় ১৫০ কেজি সাগৰীয় কুকুম্বাৰ। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক।
৬. 'এয়া বৰ সুখৰ সময়। সিন্ধু আৰু আগবাঢ়ি যাওঁক।'- মঙলবাৰে এই মন্তব্য কৰে নেশ্যনেল বেডমিন্টন প্ৰশিক্ষক পুল্লেলা গোপীচান্দে।
৭. ভুপালত কেৰৱা বান্ধে এৰি দিয়া পানীত উটি গ'ল তিনিজনকৈ লোক। সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে এজনৰ।
৮. বিজেপি কাৰ্যবাহী সভাপতি জে পি নড্ডাই যোগ দিয়ে গুৰুগ্ৰামত এক ৰ'ড শ্ব'ত। তেওঁৰ লগতে উপস্থিত থাকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰ।
৯. জম্মু-কাশ্মীৰৰ নাগবেৰানত সোমবাৰে সন্ত্ৰাসবাদীয়ে অপহৰণ কৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ মঙলবাৰে পুৱা। অপহৰণ কৰি সন্ত্ৰাসবাদীয়ে হত্যা কৰে লোক দুজনক।
১০. তেলেংগানাৰ জুবলি হিলছত আৰক্ষীৰ গ্ৰেপ্তাৰ কৰে ৭জন লোকক। প্ৰায় ৫ কোটি টকা নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে।
১১. মাওবাদী নেতা কোবাদ ঘানডীক ৩১ আগষ্টলৈ আৰক্ষীৰ জিম্মাত ৰখা হ'ব। মঙলবাৰে গুজৰাটৰ ছুৰট ক'ৰ্টে দিয়ে এই নিৰ্দেশ।
১২. কেৰেলাত মঙলবাৰে উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এখন চাহৰ দোকানত বহি দলটোৰ একাংশ শীৰ্ষ নেতৃত্বও উপস্থিত থাকে তেওঁৰ লগত।
১৩. স্পাইচজেটৰ এজন বৈমানিকক ৬ মাহৰ বাবে নিলম্বন। চলিত বৰ্ষৰ জুলাইত আহমেদাবাদ বিমান বন্দৰৰ ৰেনৱে'ত বিমান অৱতৰণৰ সময়ত কৰিছিল ভুল।
১৪. সদ্যপ্ৰয়াত অৰুণ জেটলীৰ নামেৰে নামাকৰণ কৰা হ'ব দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম। ডি ডি চি এ-য়ে মঙলবাৰে কৰে এই ঘোষণা।
১৫. 'মই বহু সুখী। এই চেম্পিয়নশ্বীপ ব্ৰঞ্জৰ মেডেল লাভ কৰাটো মোৰ বাবে ডাঙৰ সফলতা।'- এই মন্তব্য কৰে বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত পুৰুষ শাখাত ব্ৰঞ্জৰ মেডেল লাভ কৰা সাই প্ৰণিঠে।
১৬. পশ্চিমবংগৰ ঘোণাত গ্ৰেপ্তাৰ ২৬জন অবৈধ বাংলাদেশীক। সীমাত সুৰক্ষা বলে মঙলবাৰে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱা সময়ত গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক।
১৭. 'সিন্ধুৱে সোণৰ পদক অৰ্জন কৰি সমগ্ৰ দেশবাসীক গৌৰাৱান্বিত কৰিছে।'- মঙলবাৰে পি ভি সিন্ধুক সাক্ষাৎ কৰি এই মন্তব্য কৰে প্রধানমন্ত্ৰী মোডীয়ে।
১৮. কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়েও মঙলবাৰে সাক্ষাৎ কৰে বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুক।খেলুৱৈগৰাকীক লগ কৰি ১০ লাখ টকাৰ চেক প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
১৯. শিৱনা নদীৰ জলপৃষ্ঠ বৃদ্ধি পালে মঙলবাৰে। নদীখনৰ বাঢ়নি পানী সোমাই মধ্যপ্ৰদেশৰ পুস্পানিনাথ মন্দিৰত।
২০. দিল্লী আৰক্ষীয়ে মঙলবাৰে জব্দ কৰে প্ৰায় ২৩টা অবৈধ পিষ্টল আৰু ৫০ টা কাৰ্টিজ। লগতে গ্ৰেপ্তাৰ কৰে দুজন লোকক।
২১. মঙলবাৰে পুৱা সদ্যপ্ৰয়াত অৰুণ জেটলীৰ বাসভৱনত উপস্থিত হয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জেটলীৰ পৰিয়ালক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
২২. উত্তৰপ্ৰদেশৰ শ্বাহজাহানপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক পথত বাগৰি পৰাৰ ফলত নিহত ১৫জনকৈ লোক।
২৩. সম্পূৰ্ণ নষ্ট হোৱাৰ দিশে আমাজন বৰ্ষাৰণ্য। জি-৭য়ে আমাজনৰ বাবে আগবঢোৱা ধন ল'বলৈ অমান্তি হয় ব্ৰাজিল ৰাষ্ট্ৰপতিগৰাকী।
২৪. ১২ ছেপ্টেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি পেহেলৱান। ছবিখনত অভিনয় কৰিছে অভিনেতা সুদীপ, সুনীল ছেট্টীয়ে।
২৫. মঙলবাৰে কেৰালাৰ ৱাইনাডত উপস্থিত ৰাহুল গান্ধী। কেৰালাৰ বানাক্ৰান্ত সকলৰ মাজত উপস্থিত হয় সমষ্টিটোৰ সাংবাদগৰাকী।