১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. সোমবাৰে ৰাজস্থানত আৰু ৭৭জন লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত ২২৬২জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২. ৩ মে'ৰ পাছতো ৰাজ্যত কোনো পাব্লিক ট্ৰেন্সপ'ৰ্টৰ সুবিধা লাভ কৰা নহ'ব। এই মন্তব্য গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ।

৩. ৰাঞ্চীত আৰু ৫জন লোক আক্ৰানত কোভিড-১৯ত। ঝাৰখণ্ডত বৰ্তমানলৈ ১০৩জন আক্ৰান্ত হৈছে এই ভাইৰাছত।

৪. জম্মু-কাশ্মীৰৰ দাচিগাম ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে থাকিব বন্ধ। কোৰোনো ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ।

৫. কোৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ এজন জোৱানে যমৰাজৰ দৰে বস্ত্ৰ পৰিধান কৰি সৃষ্টি কৰে সজাগতা।

৬. সোমবাৰলৈ মধ্যপ্ৰদেশত কোভিড-১৯ত আক্ৰান্ত হৈছে ২১৬৫জন লোক। এই ভাইৰাছত আক্ৰান্ত হৈ ১১০জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

৭. ছণ্ডীগড়ত নতুনকৈ ৫জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত ৪৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰী কৰে এই তথ্য।

৮. ১০০৩জনকৈ লোক বৰ্তমানলৈ তেলেংগানাত আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। সোমবাৰে ৰাজ্যখনত দুজন লোকৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

৯. দিল্লীত ২৯১৮জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ৯৯টা স্থান কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে।

১০. উত্তৰপ্ৰদেশত সোমবাৰৰ দিনটোত ১১৩জনকৈ লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে।১৯৮৬জনকৈ লোক ৰাজ্যখনত বৰ্তমানলৈ আক্ৰান্ত হৈছে এই ভাইৰাছত।

১১. সোমবাৰে উত্তৰাখণ্ডৰ দেহৰাডুনত হয় বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত দেহৰাডুনত হ্ৰাস পাই তাপমাত্ৰা।

১২. ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বিশেষ ঘোষণা। বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'লে তেওঁলোকৰ পৰিয়ালক প্ৰদান কৰা হ'ব ১৫ লাখ টকা।

১৩. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

১৪. গুজৰাটত যোৱা ২৪ ঘম্টাত ২৪৭জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। ৩৫৪৮জনলৈ ৰাজ্যখনত বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৫. দেশত ২৯৪৫১জনলৈ বৃদ্ধি কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। আৰু এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯৩৯জন লোকৰ।

১৬. সোমবাৰে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সমাপ্ত। লকডাউনৰ পৰ্যালোচনা ৰাজ্যিক কেবিনেটৰ। গ্ৰাম্যাঞ্চলৰ দোকানসমূহ খোলাৰ সিদ্ধান্ত ল'লে কেবিনেটে।

১৭. বিত্তীয় শৃংখলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ বিভিন্ন ক্ষেত্ৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত।

১৮. আই এ এছ বিষয়া ৰাজেশ প্ৰসাদক বিটিচিৰ প্ৰশাসকৰূপে নিযুক্তি প্ৰদান। ৰাজ্যপালৰ হৈ বিটিচিৰ প্ৰশাসন চলাব ৰাজেশ প্ৰসাদে।

১৯. গুৱাহাটী মহানগৰীৰ আদাবাৰীৰ য়ামাহা কোম্পানীৰ এটা শ্ব'ৰুমত ভয়ংকৰ অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সন্দেহ। অগ্নিনিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ।

২০. শীঘ্ৰে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। ছেবাৰ অধীনৰ ৩৯টা জনৰ কাম-কাজ সম্পন্ন।

২১. দুৰ্ঘটনাত আহত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াৰ মৃত্যু । জিএনআৰচিত চিকিত্‍সাধীন অৱস্থাত মৃত্যুক সাবটিলে অভিজিতে।

২২. কোটাৰ পৰা উভতি আহি অসম পালেহি অভিভাৱকসহ ৩৯১গৰাকী শিক্ষাৰ্থী। দেওবাৰৰ নিশা বাছেৰে আহি গৃহভূমিত উপস্থিত হোৱাৰ পিছতে কেউগৰাকীকে লৈ অনা হয় সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ।

২৩. লকডাউন অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। মাস্ক নিপিন্ধা লোকক মহানগৰীৰ ৰাজপথত আঠু কঠালে হাতীগাওঁ আৰক্ষীয়ে।

২৪. গুৱাহাটী মহানগৰীৰ আৰু এটা মছজিদ ছীল। চানমাৰিৰ মিলনপুৰস্থিত ২ নং মছজিদ ছীল কৰিছে প্রশাসনে।

২৫. সমগ্ৰ বিশ্বত ৩০ লক্ষাধিক লোক বৰ্তমানলৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। লগতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ২ লক্ষাধিক লোকৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in