১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৩৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৭০জনলৈ বৃদ্ধি পাইছে।

২. শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একান্ত সঙ্গী তথা সুদীৰ্ঘকাল গুৰুজনাৰ ধৰ্ম আদৰ্শত নিৰন্তৰ ব্ৰতী হৈ সমাজ সংগঠন আৰু প্ৰচাৰৰ ক্ষেত্ৰত নিৰবিচিন্ন ভাৱে কাম কৰি অহা সঙ্ঘৰ অক্লান্ত সেৱক মণিৰাম দাস বাপলৈ আগবঢ়োৱা হৈছে কৰুণাকান্ত কলিতা বঁটা ২০২১ ।

৩. জি এম চি এইচক ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাতৰ বাবে উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। দুয়োগৰাকী নেতা এক বৈঠকত মিলিত হব চিকিৎসালয়তে। এই সাক্ষাততে দুয়োটা দলৰ আসনৰ বুজাবুজিৰ ক্ষেত্ৰত হ'ব আলোচনা।

৪. দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ মাজেৰ আলগাত ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰক্ষীৰ অভিযান। এই অভিযানত জব্দ কৰা হৈছে ১৭ টা গৰু আৰু ১০ টা মহ। বাংলাদেশলৈ সৰবৰাহ হয় এইবোৰ গৰু-মহ। বন্ধিহানা আৰক্ষীয়ে চলাইছিল এই অভিযান।

৫. কোভিডত আক্ৰান্ত হৈ যোৰহাটত চিকিৎসকৰ মৃত্যু । কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা চিকিৎসক জনৰ নাম ডাঃ অশ্বিনী দত্ত । চিকিৎসক জনৰ ঘৰ টীয়ক গুৱাল গাঁৱত বুলি জানিব পৰা গৈছে । পূৰ্বৰে পৰা কৰ্কট ৰোগত আক্ৰান্ত আছিল চিকিৎসক জন । চিকিৎসক জনৰ বয়স ৫৭ বছৰ ।

৬. 'এই নিৰ্বাচন হৈছে অসমীয়া অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন ৷ বিজেপি চৰকাৰে শাসনত আহিবৰ বাবে যিকোনো কাম কৰিব পাৰে ৷ বিজেপিয়ে নিৱনুৱা সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে ৷ '- প্ৰিয়ংকা গান্ধী।

৭. সফল পৰিসমাপ্তি ঘটিছে আলফা স্বাধীন আৰু কুইপ'ৰ মাজৰ আলোচনাৰ। অতি সোনকালে ঘূৰি আহিব কুইপ'ৰ দুই অপহৃত কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ। দুই পক্ষক ইতিবাচক দৃষ্টিৰে আগবাঢ়িছিল আলোচনা। কুইপ'-য়ে অসমৰ ৫ হাজাৰ অভিযান্ত্ৰিক স্নাতক যুৱকক দিব চাকৰি।

৮. বিশ্বনাথত উপস্হিত হ'ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত নিশা কটাব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তাৰপাছত মঙলবাৰে পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত চাহ শ্ৰমিকৰ লগত কৰিব মত বিনিময়।

৯. ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে কোভিড ভেকচিন । জি এম চিএইচত কোভিড ভেকচিন গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে । কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে । ৰাজ্যৰ ৪৫ বছৰৰ উৰ্ধৰ সকলোকে কোভিড ভেকচিন লোৱাৰ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।

১০. অসমত সোমবাৰে ১৬জন লোক সুস্থ হয় । এতিয়ালৈকে সুস্থ হৈ ঘৰলৈ উভতা লোক সংখ্যা ৰাজ্যত ২১৪৮৪৬জনলৈ বৃদ্ধি।

১১. অসমত আকৌ কোৰোনাত আক্ৰান্ত এজনৰ মৃত্যু। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯৩জনলৈ বৃদ্ধি পাইছে।

১২. লক্ষ্ণৌত জাৰি কৰা হৈছে ১৪৪ ধাৰা অৰ্থাৎ সান্ধ্য আইন। ৫ এপ্ৰিললৈ জাৰি থাকিব এই সান্ধ্য আইন।

১৩. 'বিজেপি বহুত ডাঙৰ দল। সকলো কেন্দ্ৰীয় মন্ত্ৰীক লৈ বিজেপিয়ে পশ্চিমবংগলৈ আহিব।'- এই মন্তব্য তেজস্বী যাদৱৰ।

১৪. হায়দৰাবাদত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ কোভিড ভেকচিন প্ৰদান পৰ্ব। তেলেংগানাৰ মুখ্য সচিবে জনাই এই কথা।

১৫. দেশত বৰ্তমানলৈকে ১৪৭২৮৫৬৯জনক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।  দেশত সোমবাৰৰ দিনটোত ৪২৭০৭২জনক প্ৰদান কৰা হয় এই ভেকচিন।

১৬. কৰ্ণাটকত আকৌ ৩৪৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৫১৬০০জনলৈ পাইছে বৃদ্ধি।

১৭. এনআইয়ে জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ কৰে এজন লোকক। ২১ কেজি হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৮. ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰৰ বিষ্ণুপুৰ। ৩.৭ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰ।

১৯. দিল্লীত আকৌ ১৭৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৩৯৪৬৪জনলৈ পাইছে বৃদ্ধি।

২০. দিল্লীৰ নাংলৈত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহত দুজনকৈ লোক।

২১. 'ভাৰতত নিৰ্মিত কোভিড ভেকচিন সোমবাৰে পাইগৈ এন্টিজুৱা।'- এই কথা ঘোষণা কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।

২২. মহাৰাষ্ট্ৰত আকৌ ৬৩৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩০জনৰ মৃত্যু।

২৩. কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লয় কোভিড ভেকচিন। মেডান্ট হাস্পতালত শ্বাহে লয় এই ভেকচিন।

২৪. ২১ জুনৰ পৰা আৰম্ভ হ'ব এছএছএলচি পৰীক্ষা। ৫ জুলাইলৈকে চলিব এই পৰীক্ষা।

২৫. কামৰূপ জিলাৰ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটা দেওবাৰে নিশা জোৰশিমুলীৰ হাতীশলা গাঁৱত অভিযান চলাই মটৰ চাইকেল চোৰৰ ঘাটি এটা উৎখাত কৰিবলৈ সমৰ্থ হয়৷ 

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in