১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণৰ মুহূৰ্তত বিশিষ্ট উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালী। বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভৰালীলৈ এই সন্মান।

২. হাইলাকান্দিৰ কুছিলা বজাৰত অগ্নিকাণ্ড। জুইত ভস্মীভূত হয় এখন ট্ৰাকসহ দুখন দোকান। বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। লক্ষাধিক টকাৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।

৩. তেজপুৰৰ তল-কলিবাৰীৰ পৰিত্যক্ত ভূমিত ভয়ংকৰ অগ্নিকাণ্ড৷ ডি আই জি বাংলোৰ সমীপত সূত্ৰপাত ঘটা জুই নিৰ্বাপিত কৰে স্থানীয় লোকে৷ কোনো ক্ষয়-ক্ষতি হোৱা নাই এই অগ্নিকাণ্ডৰ ফলত৷

৪.  'নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিও নিজৰ স্থিতিত অটল আৰু আমিও নিজৰ স্থিতি এৰা নাই।' দিল্লীত মন্তব্য অগপ সভাপতি অতুল বৰাৰ।

৫. ৰীয়াৰ উদমাৰীত ভণ্ড প্ৰেমিকৰ জঘন্য কাণ্ড। প্ৰেমিকাক ফুচুলাই নি বলাৎকাৰ লম্পট প্ৰেমিকৰ। ৰহাৰ এখন ধাবালৈ নি যুৱতীগৰাকীক বলাৎকাৰ কৰাৰ অভিযোগ।

৬. শনিবাৰে ৮৭সংখ্যক ওপজা দিনত ভৰি থলে অসমৰ স্বনামধন্য সাহিত্যিক , গল্পকাৰ , ঔপন্যাসিকা , বিশিষ্টা শিক্ষাবিদ নিৰুপমা বৰগোহাঞিয়ে।বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ গুৱাহাটীৰ  উজান বজাৰত।

৭. স্পেচিয়েল অলিম্পিক ৱৰ্ল্ড ছামাৰ গেমছ-২০১৯ত ভাৰতীয় খেলুৱৈৰ সোণৰ পদক অৰ্জন। জুডো ইভেন্টৰ পুৰুষ আৰু মহিলা শাখাত ভাৰতৰ ক্ৰমে ছনু কুমাৰ আৰু কৃষ্ণাৱেণীৰ সোণৰ পদক অৰ্জন।

৮. ভাৰতত উপস্থিত গুইনিয়াৰ প্ৰধানমন্ত্ৰী ইব্ৰাহিম কেছোৰী ফোফানা। দিল্লীৰ বিমান বন্দৰত নিশা উপস্থিত হয়হি প্রধানমন্ত্ৰীগৰাকী।

৯. কৰ্ণাটকৰ মাট্টডী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল ৫টাকৈ বাসগৃহ।

১০.শনিবাৰে ওড়িশাত বিজু জনতা দলৰ সাংসদ বলভদ্ৰ মান্সীয়ে যোগদান কৰে বিজেপিত। অমিত শ্বাহৰ উপস্থিতিত কৰে যোগদান।

১১. মুম্বাইৰ দাদৰ ফুটব্ৰীজ ১৭ মাৰ্চৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব। প্ৰশাসনে কৰিলে এই ঘোষণা।

১২. নিউজিলেণ্ডৰ দুই মছজিদত দুৰ্বৃৰ্ত্তই গুলীবৰ্ষণৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ কলে- ' নিউজিলেণ্ডৰ এই ঘটনাৰ পৰা বিশ্বলৈ এক বাৰ্তাা যাব লাগে যে হিংসা সদায়েই ভয়ানক।'

১৩. 'ৰাজনৈতিক দল পোষ্টাৰত কোনো শ্বহীদৰ ফটো থাকিব নালাগে' এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ।

১৪. লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে ৬ কংগ্ৰেছ বিধায়কে এৰিলে দল। টি আৰ এছ দলত যোগদান।

১৫. নিৰ্বাচনী আচৰণবিধিৰ নিয়ম মানি শনিবাৰে লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে এৰিলে চৰকাৰী গাড়ী আৰু নিৰাপত্তাৰক্ষী।

১৬. লোকসভা নিৰ্বাচন ২০১৯। শনিবাৰে চি পি এম দলে ঘোষণা কৰে ৪৫ জনীয়া প্ৰাৰ্থীৰ তালিকা।

১৭. 'ভয় আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰিবৰ বাবেই নিউজিলেণ্ডৰ মছজিদত কৰা হৈছে গুলীবৰ্ষণ' এই মন্তব্য জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে।

১৮.দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মালদ্বীপলৈ ভাৰতবৰ্ষৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ। কেইবাখনো বৈঠকত লব অংশ।

১৯. জম্মু-কাশ্মীৰৰ ৰামবনত দ' খাৱৈত পৰিল বাহন। ৫জন লোক নিহত।

২০. অন্ধ্ৰপ্ৰদেশত ৱাই এছ আৰ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। ৯টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে দলটোৱে।

২১. শনিবাৰে লাহোৱালত তুষাৰপাতৰ। জিলাখনত তুষাৰপাতৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন।

২২.'সন্ত্ৰাসবাদী মাছুদক মুকলি কৰাৰ ক্ষেত্ৰত ছোনিয়া গান্ধী আৰু মনমোহন সিঙৰ হাত আছিল' এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ।

২৩.পশ্চিমবংগত অখিল ভাৰতীয় সংখ্যালঘু যুৱ সংঘৰ প্ৰতিবাদ। নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ।

২৪. বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব ১৮ মাৰ্চত। ১৬ মাৰ্চত অনুষ্টিত হয় বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ প্ৰথমখন বৈঠক।

২৫. ২১ মাৰ্চত ছবিগৃহত মুক্তি পাব অক্ষয় কুমাৰ নতুন ছবি কেশৰী। অক্ষয়ৰ লগতে মুখ্যচৰিত্ৰত অভিনয় কৰিছে পৰিনীতি চোপ্ৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in