১. বিদেশ ভ্ৰমণ সামৰাৰ পিছতে বুধবাৰে অনুৰাধা ছবিগৃহত ৰত্নাকৰ উপভোগ কৰিলে জুবিন গাৰ্গ আৰু যতীন বৰাই। জুবিন গাৰ্গ আৰু যতীন বৰাক কাষত পাই উৎফুল্লিত হৈ পৰে ৰত্নাকৰ চাবলৈ অহা দৰ্শক।
২. দিল্লীত গুলীবিদ্ধ হৈ আহত এটা ডকাইত। ডকাইতটো ১৮ টা ডকাইতি ঘটনাৰে জড়িত আছিল।
৩. বুধবাৰে অনুষ্ঠিত হয় সংসদীয় পৰিক্ৰমা বিভাগৰ কেবিনেট বৈঠক। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বৈঠকত বহে মন্ত্ৰী অমিত শ্বাহ, প্ৰকাশ জাভেদকাৰ আৰু প্ৰহ্লাদ যোশীকে আদি কৰি কেইবাগৰাকী নেতা-মন্ত্ৰী।
৪. উপ ৰাষ্ট্ৰপতি এম বেংকায়া নাইডুৰ বাসগৃহত বুধবাৰে প্ৰদৰ্শিত হ'ল এখন তামিল ছবি। উপ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে "Sye Raa Narasimha Reddy" নামৰ ছবিখনৰ অভিনেতা চিৰঞ্জীৱীয়ে।
৫. বিমানবন্দৰত নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব। ভাৰতৰ সকলো বিমানবন্দৰতে স্থাপন কৰা হ'ব ২০০ টা বডি স্কেনাৰ মেচিন।
৬. চিৰাঙত আৰক্ষী আৰু ভাৰতীয় সেনাৰ অভিযানত গ্ৰেপ্তাৰ এনডিএফবি (এছ) কেডাৰ। উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ।
৭. জম্মু-কাশ্মীৰৰ চপিয়ানত পঞ্জাৱৰ দুগৰাকী আপেল ব্যৱসায়ীক আক্ৰমণ সন্ত্ৰাসবাদীৰ। দুয়োগৰাকী ব্যৱসায়ীয়ে আছে সংকটজনক অৱস্থাত।
৮. জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে পৰ্যবেক্ষণ কৰে অনন্তনাগৰ পৰিৱেশ। বহু স্থানত তেখেতে বুজ লয় নিৰাপত্তা ব্যৱস্থাৰ।
৯. এগৰাকী আইনৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগেৰে অভিযুক্ত ৰাজনৈতিক নেতা চিন্ময়ানন্দৰ ন্যায়িক জিম্মাৰ সময়সীমা বৃদ্ধি। ৩০ অক্টোবৰৰ লৈকে বৃদ্ধি কৰা হৈছে ন্যায়িক জিম্মাৰ সময়।
১০. আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এজন লোকক। লোকজনৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰৰ অবৈধ ব্যৱসায় কৰাৰ অভিযোগ।
১১. কামাখ্যা-ৰঙিয়া-মুৰ্কংচেলেক যাত্ৰীবাহী ৰে'লত ধনদাবীৰ অভিযোগ। গ্ৰেপ্তাৰ হ'ল টিকট পৰীক্ষক।
১২. হাইলাকান্দিৰ গ্ৰামীণ বিকাশ বেংকৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। একাংশ গ্ৰাহকে বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ।
১৩. যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন। স্বামীৰ সন্মুখতে ৬দিনীয়া কেঁচুৱা এৰি আত্মহত্যা কৰিলে মাতৃয়ে।
১৪. NRLৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে নুমলীগড়ত ক্ষোভৰ জুই। বিভিন্ন সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ।
১৫. হিমাচলপ্ৰদেশত শোকাৱহ ঘটনা। দুগৰাকী মহিলা পৰ্যটক উটি যায় পাৰ্বতী নদীত। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
১৬. ন'বেল বঁটা প্ৰাপক অভিজিৎ বেনাৰ্জীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অভিজিৎ বেনাৰ্জীৰ মাতৃৰ সৈতে মিলিত হয় তেওঁ।
১৭. 'আমি যেতিয়াই অবৈধ বিদেশীক দেশৰ বাহিৰ কৰিবলৈ বিচাৰো তেতিয়াই কংগ্ৰেছে কয় যে তেওঁলোকক কিয় দেশৰ বাহিৰত পঠিয়াব লাগে? তেওঁলোক ক'ত যাব?'- এই মন্তব্য গৃহ মন্ত্ৰী অমিত শ্বাহৰ।
১৮. কংগ্ৰেছ সাংসদ কে চি ৰামামুৰ্তিয়ে কৰিলে পদত্যাগ। উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক দিয়ে তেওঁৰ পদত্যাগ পত্ৰ।
১৯. ক্ষোভিত মুম্বাইৰ পি এম চি বেংকৰ গ্ৰাহকসকলে। বুধবাৰে মুম্বাইৰ আৰক্ষী আয়ুক্ত সঞ্জয় বাৰ্ভেৰ সৈতে মিলিত হয় পি এম চি বেংকৰ গ্ৰাহকসকল।
২০. তানিলনাডুৰ বিভিন্ন প্ৰান্তত বুধবাৰে ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ ৰামেশ্বৰামৰ ঠায়ে ঠায়ে সৃষ্টি হয় বানৰ।
২১. ১৮ অক্টোবৰত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি লাল কাপ্টান। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বেইফ আলী খানে।
২২. ৰাজ্যৰ ৪ সমষ্টিত তুংগত নিৰ্বাচনী যুঁজ। ৰাজ্যৰ আটাইকেইতা ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান।
২৩. জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। ৰাজ্যখনৰ পুলৱামাত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত নিহত এজন স্থানীয় লোক। নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
২৪. মহাৰাষ্ট্ৰত শিৱসেনা সাংসদ ওমৰাজে নিম্বলকাৰৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। এক ৰেলীত অংশ লোৱা সময়তে সংঘটিত হয় এই ঘটনা।
২৫. নাছাই বিশ্বৰ ৬০ খন দেশৰ মাজত আয়োজন কৰা বিশেষ প্ৰতিযোগিতাত অসম সন্তানৰ সাফল্য। উত্তৰ গুৱাহাটীৰ চম্পক বৰাই লাভ কৰিলে দ্বিতীয় স্থান।