১. পুনৰ ৰবিবাৰে নিশা অসুস্থ হৈ পৰাৰ বাবে জিএমচিএইচত ভৰ্তী কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক । জি এমচিএইচৰ আইচিইউত ভৰ্তী কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী । পুৱাৰ তুলনাত এতিয়া কিছু পৰিমানে সুস্থ হৈ উঠিচে গগৈ ।
২. সোমবাৰৰ পৰা ৭মাহৰ অন্তত খোল খালে শিক্ষানুষ্ঠানসমূহ। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এইসময়ত মানিবলগীয়া নীতি-নিয়মসমূহ সম্বলিত এক নিৰ্দেশ জাৰি কৰিছিল।কোভিড প্ৰট'কল মানি চলিব লাগিব শিক্ষানুষ্ঠান সমূহে ।
৩. গোসাইগাঁৱত চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰে ৫গৰাকী সদস্যৰ আত্মহত্যা।লোকজনৰ ঋণৰ বোজা সহিব নোৱাৰি এনে পথ বাচি ললে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। পিতৃ-মাতৃ আৰু ৩গৰাকী কন্যাই কৰে আত্মহত্যা।
৪. কোৰোনাকেন্দ্ৰিক পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও বৰ্তমানেও প্ৰতিটো দিনত সংস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ সোমবাৰৰ পৰা আইনগতভাৱে মাস্ক পিন্ধাটো বাঞ্চনীয় কৰিলে ৰাজস্থান চৰকাৰে।
৫. বাবৰি মজজিদৰ ঘটনাৰ সিদ্ধান্ত দিয়া ন্যায়াধীশক অৱসৰৰ পিছতো সুৰক্ষা প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। ন্যায়াধীশ এছকে যাদৱে সুৰক্ষা অটুট ৰাখিবৰ বাবে স্বয়ং শীৰ্ষ আদালতৰ কাষ চাপিছিল যদিও এই আবেদন নাকচ কৰিছিল ন্যায়ালয়ে।
৬. বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ মৃত্যু ।সোমবাৰে দিল্লীত পৰলোকপ্ৰাপ্তি ঘটে মুখ্যমন্ত্ৰী গৰাকীৰ ।১৯৬৮ চনত ৫ দিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল সতীশ প্ৰসাদ সিং ।
৭. কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে কয় যে, বিশ্বৰ ভিতৰত কোভিডত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰত। ইফালে, প্ৰতিদিনাই হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা।
৮. অৱসৰৰ পূৰ্বেই বহু ৰাজ্যিক বিষয়া-কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব । অদক্ষ তথা অপ্ৰয়োজনীয় পদত থকা বিষয়া-কৰ্মচাৰীসকলক ৫০-৫৫ বছৰতে বাধ্যতামূলক অৱসৰ দিয়াৰ পৰিকল্পনা চৰকাৰৰ।
৯. সোমবাৰে আফগানিস্তানৰ কাবুল ইউনিভাৰ্চিটিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।এই আক্ৰমণত ২৫ জন লোকৰ মৃত্যু হোৱাৰ কথা জানিবলৈ পোৱা গৈছে।
১০.সোমবাৰে JEE কেলেংকাৰীৰ খলনায়ক ভাৰ্গৱ ডেকাক কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে ভাৰ্গৱ ডেকাক ৭ দিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে । ইপিনে ১৪ দিনৰ জিন্মাত বিচাৰিছিল আৰক্ষীয়ে ।
১১. দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জত ফেৰী দুৰ্ঘটনা । ধুবুৰী-ফকীৰগঞ্জ ফেৰীৰ তলি ফাটি গৈ সংঘটিত হয় এই দুৰ্ঘটনা ।যাত্ৰী খনত প্ৰায় তিনি শতাধিক যাত্ৰী আছিল । কেইবাজনো যাত্ৰী আঘাত প্ৰাপ্ত হয় ।
১২. অসম মিজোৰামৰ সীমান্ত সংঘটিত হৈ থকা পৰিস্থিতি সম্পৰ্কে সবিশেষ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ জৰুৰী বাৰ্তা পত্ৰ প্ৰেৰণ কৰে ।
১৩. দক্ষিণ দিল্লীৰ মালব্য নগৰ এলেকাৰ এজনী বিবাহিতা মহিলালৈ অশ্লীল ভিডিঅ, ফটো প্ৰেৰণ কৰি সোমবাৰে তিহাৰ জেলত সোমাবলগীয়া হল অসমৰ দৰং জিলাৰ চন্দন নাথ নামৰ যুৱক।
১৪. ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সোমবাৰে অসম অলিম্পিক সন্থাৰ লগতে সন্থাৰ অন্তৰ্গত ৰাজ্যিক ক্ৰীড়া সন্থা, জিলা ক্ৰীড়া সন্থা তথা বিভিন্ন ক্ৰীড়া অনুষ্ঠান আৰু ক্লাব সমূহে সম্বৰ্ধনা জনায়।
১৫. অসম মিজোৰামৰ সীমান্ত সংঘটিত হৈ থকা পৰিস্থিতি সন্দৰ্ভত কাছাৰ জিলাৰ উপাযুক্তৰ সৈতেও টেলিফোনিক আলোচনাত মিলিত হোৱাৰ লগতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ অতিশীঘ্ৰে ৰাওনা হৈ ঘটনাস্থলী পৰ্যবেক্ষনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।
১৬. লখিমপুৰৰ অগপ বিধায়ক উৎপল দত্তৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ মিছিং জনগোষ্ঠীয় সংগঠনৰ । টিএমপিকেৰ কৰ্মী-সমৰ্থকে সকলে সোমবাৰে ঘূণাসুঁতিলৈ যোৱাৰ পথত বিধায়কজনক বাধা দিয়ে।
১৭. ডিমাপুৰত টেলিভিছন চেনেলৰ কাৰ্যালয়ত আক্ৰমণ দুস্কৃতিকাৰীৰ । এনএল টিভি নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত আক্ৰমণ কৰে দূৰ্বিত্তই ।ৰবিবাৰে নিশা কাৰ্যালয়টোলৈ গুলীচালনাৰ ঘটনা সংঘটিত কৰে ।
১৮. হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত অগ্নিকাণ্ড। এটা ফাৰ্ণিছাৰৰ গুডামত সংঘটিত হয় এই অগ্নিকাণ্ড। এতিয়ালৈকে কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।
১৯. গোসাঁইগাঁৱত একেটা পৰিয়ালৰ পাঁচ জন সদস্যৰ আত্মহত্যা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
২০. পশ্চিমবংগত আকৌ ৩৯৫৭জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩,৮১,৬০৮জনলৈ পাইছে বৃদ্ধি।
২১. হাৰিয়ানাত আকৌ ১৫৬৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ১৭০৪৪৬জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
২২. দিল্লীত সোমবাৰে ৪০০১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ৪২জন লোকৰ মৃত্যু।
২৩. অমৃতসৰত উৎসৱমুখৰ পৰিৱেশ বিৰাজমান। প্ৰকাশ পূৰৱ উৎসৱ পালন কৰে সকলোৱে।
২৪. ৯ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।
২৫. যোৱা ২৪ ঘন্টাত কৰ্ণাটকত ২৫৭৬জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৮৮৩৪জন লোক ৰাজ্যখনত সুস্থ হয়।