/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. ১১ নৱেম্বৰত আমেৰিকাৰ কেলিৰ্ফনিয়াত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ।
২. মাজত আৰু মাত্ৰ কেইটামান দিন বাকী। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ ৰাজ্যজুৰি তুংগত প্ৰস্তুতি। সত্ৰনগৰী মাজুলী, ডিগবৈ, গোলাঘাটকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসোৎসৱৰ আয়োজন
৩. দ্ৰৰিদ্ৰ সকলৰ উন্নতিৰ বাবে চীনৰ মডেল অনুকৰণ কৰিব পাকিস্তানে। সোমবাৰে সংবাদমাধ্যমৰ সন্মুখত এই ঘোষণা কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/oooooooooooooooooooo.jpeg)
৪. 'ভাৰতবৰ্ষত যি কাম বহু দশকৰ পূৰ্বে হব লাগিছিল,সেই কাম দেশত বৰ্তমান সময়তহে হৈছে।' সোমবাৰে বাৰানসীত এই মন্তব্য কৰিলে নৰেন্দ্ৰ মোদীয়ে।
৫. দুলীয়াজনত সাংসদ ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সন্মুখত বোমাতংক। ঘটনাস্থলীত ডিব্ৰুগড়ৰ বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে বোমাটো।
৬. কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে সোমবাৰে নিশা ৮.৩০ বজাত বাংগালুৰুত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
৭. ১২ নৱেম্বৰত মুক্তি দিয়া হ'ল হিন্দী ছবি 'কেদাৰনাথ'ৰ ট্ৰেইলাৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে চাৰা আলী খান আৰু সুশান্ত সিঙ ৰাজপুতে।
৮. হিমাচল প্ৰদেশত অচিৰেই নিযুক্তি দিয়া হ'ব ১০০০ আৰক্ষী কনিষ্ঠবলক। সোমবাৰে ধৰ্মশালাত অনুষ্ঠিত এক অনুষ্ঠানত এই ঘোষণা কৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে।
৯. ৰাজস্থান বিজেপিত খহনীয়া অব্যাহত। সোমবাৰে দল এৰিলে ৬ বাৰকৈ বিধায়ক তথা ৰাজস্থানৰ মন্ত্ৰী সুৰেন্দ্ৰ গোৱেলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/kADAR.jpg)
১০. বৃদ্ধি কৰা হ'ব ২০১৯ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ সংখ্যা। ২০১৯ত মুঠ ৮৫৭টা কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
১১. সোমবাৰে চত্তীশগড়ৰ ৰাজ্যিক কংগ্ৰেছৰ উপাধ্যক্ষ ঘনাৰাম চাহুয়ে যোগদান কৰে বিজেপিত। ৰাজ্যখনত অহা ২০ নৱেম্বৰত ৭২ খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।
১২. ৭৪ খন বৈঠক অনুষ্ঠিত কৰাৰ পাছত ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰে' সোমবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ।
১৩. 'যুৱক সকলক সন্ত্ৰাসবাদ পৰা আতৰাই ৰখাই ভাৰতীয় সেনাৰ মূল লক্ষ্য।' সোমবাৰে এই মন্তব্য ভাৰতীয় স্থলসেনাৰ প্ৰধান বিপিন ৰাৱটৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/jio.gif)
১৪. আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ১৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশলৈ ৰাওনা হব বিজেপি অধ্যক্ষ অমিত শ্বাহ।
১৫. "বিজেপিয়ে দেশ বিভাজনৰ ৰাজনীতি কৰিছে। ৯০ ইঞ্চিৰ বুকু ফুলাই দেশত ৰাজনীতি কৰা ব্যক্তিয়ে দৰাচলতে ৰেষ্টলিংহে খেলিব লাগে।" – মোদীক উদ্দেশ্যি ইতিকিংসূচক এই মন্তব্য বংগৰ মন্ত্ৰী ফিৰহাদ হাকিমৰ।
১৬. কৰিমগঞ্জ ৰে'ল ষ্টেচনত ১৪ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ। শিলচৰ-আগৰতলা যাত্ৰীবাহী ৰে'লৰ পৰা আৰ পি এফে জব্দ কৰে নিচাজাতীয় টেবলেটখিনি।
১৭. ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে বহুজন পাৰ্টিয়ে প্ৰকাশ কৰে ৬১ জনীয়া প্ৰাৰ্থীৰ তালিকা। চলিত বৰ্ষৰ ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ।
/https://media.assettype.com/asomiyapratidin/import/website/2018/11/rul.jpg)
১৮. নতুন দিল্লীৰ গুৰগ্ৰামত সোমবাৰে এটা লম্পটে বলৎকাৰ কৰে ৩ বছৰীয়া এটি শিশুক। সন্ধানহীন হৈ থকা লম্পটটোৰ সন্ধানত অভিযান অব্যাহত আৰক্ষীৰ ।
১৯. ত্ৰিপুৰাৰ চুড়াবেৰী গাঁৱত দুই ফৈদৰ মাজৰ সংঘৰ্ষত নিহত তিনিজন। এটা কুঁৱাৰ পানীৰ বাবে সৃষ্টি হৈছিল এই সংঘাত।
২০. কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ মৃত্যুত শোকপ্ৰকাশ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। টুইটাৰযোগে প্ৰয়াত কেন্দ্ৰীয়মন্ত্ৰী গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে বেনাৰ্জীয়ে।
২১. ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১৩১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা। ইয়াৰে ৮৫ জন বৰ্তমানৰ বিধায়ক হৈ থকাৰ পৰিৰ্ৱতে ২৫ গৰাকী প্ৰাৰ্থী হৈছে নতুন মুখ ।
২২. চত্তীশগড়ত আজি সম্পন্ন হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপনালি কৰা নাই চৰকাৰে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত মোতায়েন কৰা হৈছিল ১৮ হাজাৰ নিৰাপত্তাৰক্ষী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/gobbr.gif)
২৩. 'হাৰিয়ানাত চৰকাৰ গঠন হলে জনগণৰ বাবে আটা,দালি,চেনীক লৈ আৰম্ভ কৰা হ'ব নতুন আঁচনি।' সোমবাৰে এই মন্তব্য কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰণদীপ সিঙ সুৰজৱালাই।
২৪. দেশত সোমবাৰে বৃদ্ধি পালে সোণৰ মুল্য। প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৮০ টকাকৈ।
২৫.বলিউদৰ অভিনেতা অমজদ খানৰ আজি ৭৮ সংখ্যক জন্মজয়ন্তী। বলিউদৰ জনপ্ৰিয় ছবি 'শ্ব্যলে'ত গব্বৰ সিঙৰ চৰিত্ৰৰে সকলোৰে এখন পৰিচিত মুখ হৈ পৰিছিল অভিনেতা জন ।