১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শনিবাৰে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ ভিডিঅ' কনফাৰেন্স। লকডাউনৰ সময়সীমা বৃদ্ধি প্ৰসংগত আলোচনা।

২. নলবাৰীৰ বৰ্ণিবাৰী ডিৰুৱাৰ পৰা ৩ জনক কোৱাৰেণ্টাইনত ৰখা হৈছে।  আঠগাঁও মছজিদৰ সভাত অংশ লৈছিল এই তিনিজনে।

৩. দেশজোৰা লকডাউনৰ বাবে এতিয়া বন্ধ হৈ পৰিছে ৰাজ্যৰ পাচলিৰ বজাৰসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথাৰতে নষ্ট হ'বলৈ ধৰিছে পাচলি।

৪. লকডাউনৰ সময়ত খাদ্য বিচাৰি হাহাকাৰ কৰা দৰিদ্ৰজনৰ কাষত থিয় হৈছে একাংশ অসমীয়া। চৰকাৰী-বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীয়ে বিতৰণ কৰিছে খাদ্য-সামগ্ৰী।

৫. মহাৰাষ্ট্ৰত অসমৰ কৰোনা ভাইৰাছত আক্ৰান্ত যুৱকে কৰিলে আত্মহত্যা। নগাঁৱৰ ৩০ বছৰীয়া যুৱকজন জামাতত আছিল ওখলাত। আত্মহত্যা কৰা যুৱকজনৰ নাম জেহিৰুল ইছলাম।

৬. অসমৰ বিভিন্ন প্ৰান্তত এতিয়া আন এক দুৰ্যোগৰ সন্মুখীন হৈছে সাধাৰণ লোক। নুমলীগড়ৰ বিভিন্ন প্ৰান্তত শনিবাৰেও এজাক বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ।

৭. লকডাউনৰ মাজতে সম্পূৰ্ণৰূপে ছীল কৰা হ'ল ভাৰত-বাংলাদেশ সীমান্ত। সীমান্ত ছীল কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে।

৮. নাগালেণ্ড আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ। লকডাউনৰ সময়ত গান গাই জনতাক দিছে মনোৰঞ্জন। ঘন বসতিপূৰ্ণ এলেকাত গান গাইছে ৰাজ্যখনৰ আৰক্ষীয়ে।

৯. জম্মু-কাশ্মীৰৰ কুপৱাড়াত এজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰে গোচৰ। নিজামুদ্দিন মাৰ্কাজত যোৱা কথা লুকুৱাই আছিল লোকজনে। সেয়েহে গোচৰ ৰুজু কৰা হৈছে।

১০. মধ্যপ্ৰদেশত ৫০০ৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। তদুপৰি, ৰাজ্যখনত এই ভাইৰাছৰ ফলত মৃত্যু হৈছে ৪০জনকৈ লোকৰ।

১১. জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন। বালাকোট ছেক্টৰত গুলীবৰ্ষণ কৰে পাকিস্তানে। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১২. হিমাচলপ্ৰদেশত বৰ্তমানলৈ ৯৫৪টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ৩২টা কোৰোনা পজিটিভ পোৱা গৈছে।

১৩. তেলেংগানাত বৰ্তমানলৈ ৫০৩জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ইয়াৰে ১৪জন লোকে হেৰুৱাইছে প্ৰাণ।

১৪. 'তেলেংগানাত ৩০ এপ্ৰিললৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।'- এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাওৰ।

১৫. মহাৰাষ্ট্ৰৰ কেৱল পুনে চহৰত ১৮৭জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ৰাজ্যখনত ১৬০০ৰো অধিক আক্ৰান্ত হৈছে বৰ্তমানলৈ।

১৬. মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আছলাম শ্বেইখে অংশ লয় আৰক্ষীৰ ফ্লেগ মাৰ্ছত। কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় তেওঁ।

১৭. ছত্তীশগড়ত ঘৰৰ বাহিৰত ওলালেই পৰিধান কৰিব লাগিব মাস্ক। ৰাজ্য চৰকাৰে দিছে এই কঠোৰ নিৰ্দেশ।

১৮. শনিবাৰে গুজৰাটত আৰু ৩৬জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ৰাজ্যখনত ৪৬৮জনলৈ বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা।

১৯. অমৃতসৰত ৰেচন, হাতমোজা, ছেনিটাইজাৰ আদি দৰিদ্ৰ পৰিয়ালৰ মাজৰ বিতৰণ কৰা হয় শনিবাৰে। অমৃতসৰৰ মেয়ৰে বিতৰণ কৰে এই সামগ্ৰীসমূহ।

২০. পুনেত শনিবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ আৰু তিনিজনৰ মৃত্যু। চহৰখনত ২৯জনলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা।

২১. দিল্লীৰ কাশ্মীৰি গেট এলেকাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।

২২. বিএছএফ জোৱানে শনিবাৰে বিতৰণ কৰে খাদ্য। পশ্চিমবংগৰ ফুলবাৰীত দৰিদ্ৰ সকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী।

২৩. মধ্যপ্ৰদেশৰ ধাৰত ১২জন লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। চহৰখনত জাৰি থকা সান্ধ্য আইন উলংঘা কৰাৰ বাবে এজাহাৰ দাখিল।

২৪. ২২ মে'ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মীবোম্ব। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

২৫. আহমেদাবাদৰ মানেক চকত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলে কৰিলে চেনিটাইজেশ্যন। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰে এই পদক্ষেপ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in