Advertisment

১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. ৰাজস্থানৰ জয়পুৰৰ পৰা শ্ৰমিক স্পেচিয়েল ট্ৰেইযোগে বিহাৰৰ পাটনলৈ ৰাওনা হয় শ শ শ্ৰমিক। কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদানৰ পাছতেই বহিঃৰাজ্যৰ শ্ৰমিকসকলক পঠিওৱা হয় স্বৰাজ্যলৈ।

Advertisment

২. কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দেশৰ জিলাসমূহক চিহ্নিত কৰা তালিকাত অসমৰ ৩৩ খন জিলাৰ ভিতৰৰ ৩০ খন জিলাই "গ্ৰীণ জ'ন"ত স্থান লাভ কৰিছে। অৱশিষ্ট ৩ খন জিলাই "অৰেঞ্জ জ'ন"ত স্থান লাভ কৰিছে।

৩. প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে নেশ্যনেল এডুকেশ্যন পুলিচৰ সৈতে বৈঠকত। লকডাউনৰ সময়চোৱাত শিক্ষা বিভাগৰ সন্দৰ্ভত কৰে আলোচনা।

৪. ৰাজ্যৰ ৩ গৰাকী কোভিড ৰোগীয়ে শুকুৰবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে৷ ইয়াৰে ১ গৰাকী ৰোগী গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আৰু আন দুগৰাকী গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷

৫. ৰাজস্থানত নতুনকৈ ৮২জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত ২৬৬৬জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

৬. অসম আৰোগ্য নিধিত বৰ্তমানলৈ ৪৯ হাজাৰ ৬৭৭ গৰাকী লোকে আগবঢ়োৱা বৰঙণিৰ দ্বাৰা ১০৮.১০ কোটি টকা জমা হৈছে৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।

৭. হিমাচলপ্ৰদেশত আৰু দুজন কোৰোনাত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমানলৈ ৰাজ্যখনত কোৰোনাক্ৰান্ত ৫জন ৰোগী চিকিৎসাধীন হৈ আছে।

৮. ৪ মে'ৰ পৰা গ্ৰীণ জ'নত সুৰাৰ বিপণী খোলা হ'ব। লগতে খোলা হ'ব পাণৰ দোকানো।

৯. দিল্লীত নতুনকৈ ২২৩জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত ৩৭৩৮জনকৈ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

১০. দিল্লীত প্ৰধানমন্ত্ৰীৰ বাসগৃহত জৰুৰী বৈঠক। আবদ্ধ লোকক নিজ ৰাজ্যলৈ প্ৰেৰণক লৈ আলোচনা।

১১. মহাৰাষ্ট্ৰত আৰু ১০০৮জন লোক শুকুৰবাৰে আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত ১১৫০৬জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

১২. অহা ১৭ মে'লৈ বন্ধ থাকিব যাত্ৰীবাহী ৰে'ল সেৱাসমূহ। ৰেল মন্ত্ৰণালয়ে ঘোষণা কৰে এই কথা।

১৩. জম্মু-কাশ্মীৰৰ ৰামপুৰ ছেক্টৰত যুদ্ধবিৰতি উলংঘন। পাক সেনাৰ গুলীবৰ্ষণত আহত এগৰাকী নিৰাপত্তাৰক্ষী।

১৪. ১০৪৪জনলৈ বৃদ্ধি পাইছে তেলেংগানাত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শুকুৰবাৰে ৬জন আৰু লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।

১৫. বিহাৰত আৰু ১৬জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ৪৬৬জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

১৬. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

১৭. গুজৰাটত যোৱা ২৪ ঘন্টাত ৩২৬জন লোক আক্ৰান্ত কোভিড-১৯ত। ৰাজ্যখনত বৰ্তমানলৈ ৭৩৬জন কোৰোনাক্ৰান্ত লোক সুস্থ হৈ উঠিছে।

১৮. কলকাতাত শুকুৰবাৰে ধাৰাসাৰ বৃষ্টিপাত হয়। বৃষ্টিপাতৰ ফলত কলকাতাত হ্ৰাস পাই তাপমাত্ৰা।

১৯. উত্তৰাখণ্ডত শুকুৰবাৰে এজনো লোক নতুনকৈ আক্ৰান্ত হোৱা নাই কোৰোনা ভাইৰাছত। ৰাজ্যখনত ৫৭জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা।

২০. শুকুৰবাৰে লকডাউনৰ সময়সীমা বৃদ্ধিৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। ১৭ মে'লৈ বৃদ্ধি কৰা হৈছে দেশজুৰি লকডাউন।

২১. দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ আৰু দুজন জোৱান আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। নিজামুদ্দিন মাৰ্কাজলৈ তদন্ত কৰিবলৈ গৈছিল জোৱান দুয়োজন।

২২. দেশত ১ মে'লৈ ৩৭২৫৭জন লোকলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১২২৩জন।

২৩. শ্ৰমিক দিৱসৰ দিনা উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বাৰ্তালাপ কৰে শ্ৰমিকসকলৰ সৈতে। ভিডিঅ' কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে বাৰ্তালাপ।

২৪. মহাৰাষ্ট্ৰৰ পুনেত শুকুৰবাৰে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় চাৰিজন লোকৰ। পুনেত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত হৈ ৯৯জনৰ মৃত্যু হৈছে।

২৫. ৰাজসাহায্য বিহীন এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। দিল্লীত ১৬২.৫০ টকা, কলকাতাত ১৯০ টকা, মুম্বাইত ১৩৫.৫০ টকা আৰু চেন্নাইত ১৯২টকাকৈ হ্ৰাস কৰা হৈছে প্ৰতিটো চিলিণ্ডাৰত।