/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/one-minute-face.jpg)
১. এইবাৰ হোজাইত আৰক্ষীৰ এনকাউণ্টাৰ- ইৰাণী গ্ৰুপৰ সদস্যলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
২. গোসাঁইগাঁৱত বৃহত্ হাৰত চোৰাংচিকাৰীৰ আত্মসমৰ্পণ- ৰায়মনা ৰেঞ্জত আত্মসমৰ্পণ কৰে ৫৭টা চোৰাংচিকাৰীয়ে।
৩. ভূ–মাফিয়াৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক।- ভোৰাগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকগৰাকীক।
৪. জ্বলি ছাই হ'ল ২৪৭৯টা গঁড়ৰ খৰ্গ- ৪টা বিশাল চৌকাত জ্বলোৱা হ'ল ১৩০৫ কিঃগ্ৰাঃ ওজনৰ খৰ্গ।
৫. সান্ধ্য আইনৰ মাজতে সাংস্কৃতিক সন্ধিয়া পাতিলে বিজেপিয়ে- উত্তৰ গুৱাহাটীত অনুষ্ঠিত BJPৰ কাৰ্যনিৰ্বাহকত আয়োজন সাংস্কৃতিক সন্ধিয়াৰ।
৬. ৰঙিয়া বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি- SDO–ক ঘেৰাও শতাধিক ক্ষুব্ধ মহিলাৰ।
৭.প্ৰাক্তন অধ্যাপক মাণিক চন্দ্ৰ কলৱাৰলৈ শ্ৰদ্ধাঞ্জলি- শ্ৰদ্ধাঞ্জলি জনালে অখিল অসম কলৱাৰ সমাজে।
৯. নতুনকৈ জন্ম লোৱা সশস্ত্ৰ সংগঠন উত্খাত- কোকৰাঝাৰত ULBৰ ৩ দুৰ্ধৰ্ষ কেডাৰ গ্ৰেপ্তাৰ।
১০. শীঘ্ৰে দুই কংগ্ৰেছ বিধায়কে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা- দুজন নহ'লেও এজনৰ যোগদান নিশ্চিত বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।
১১. কংগ্ৰেছৰে মিত্ৰতাক লৈ এতিয়াও আশা এৰা নাই অখিল গগৈয়ে- মৰিয়নীত উপ-নিৰ্বাচনৰ বাবে এতিয়াও আশাবাদী বিধায়কজন।
১২. ভাল কামৰ প্ৰশংসা কৰিবলৈ শিকক- বিৰোধীক আহ্বান সাংসদ কামাখ্যা তাছাৰ।
১৩.জে'ললৈ নিক্ষেপ কৰা হ'ব দুৰ্নীতিৰ অভিযোগ প্ৰমাণিত মাটিৰ দালালক। একেনিশাই ৫ শতাধিক মাটিৰ দালালক গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰোৱাই একাংশ দালালক ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰা হৈছে
১৫. BJPৰ কাৰ্যনিৰ্বাহক সভাত নিশাও ব্যাপক ভিৰ- BJPৰ সভাত কোভিড বিধি ভংগৰ অভিযোগ।
১৬. শোণিতপুৰৰ বৰছলাত বন বিভাগৰ পোহনীয়া হাতীয়ে নিদ্ৰা হৰিছে কৃষকৰ। বিঘাই বিঘাই গেৰ ধৰা ধাননিত হাতীয়ে চলাইছে উপদ্ৰৱ।
১৭. খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ভাঙি পেলোৱা হ'ল বিহপুৰীয়াৰ এখন নৱনিৰ্মিত প্ৰাথমিক বিদ্যালয়। ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল বিদ্যালয়খন।
১৮. পুনৰ উত্তপ্ত অসম-মেঘালয় সীমান্ত। এইবাৰ বকোৰ গামেৰিমূড়াৰ শালবাৰীত উত্তেজনা। অসমৰ মাটি দখল কৰি মেঘালয়ে নিৰ্মাণ কৰিলে পকী পথ।
১৯. মহানগৰীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড। নুনমাটি বাছ ষ্টপেজৰ কাষতে ভস্মীভূত হ'ল চাহৰ দোকান।
২০. ভাৰতত প্ৰস্তুত হোৱা কোভিশ্বীল্ড ভেকচিনক স্বীকৃতি ইংলেণ্ডৰ- কিন্তু ভাৰতৰ কোভিড চাৰ্টিফিকেটক স্বীকৃতি নিদিলে দেশখনে।
২১. বিধায়কে মোকলাই নিয়া হাইলাকান্দিৰ দালালক পুনৰ গ্ৰেপ্তাৰ। ২ মাটি দালালক থানাৰ পৰা বলপূৰ্বকভাৱে উলিয়াই নিছিল বিধায়ক নিজামুদ্দিনে।
২২. ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা- কাজিৰঙাত প্ৰত্যাহাৰ হ'ব কোভিডৰ সকলো বাধা-নিষেধ।
২৩. অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান- একেদিনাই আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰো পাঠদান।
২৪. দিল্লীত অনুষ্ঠিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সুনাম। মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে ৪ খেলুৱৈয়ে।
২৫. তামুলপুৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ। সুকীয়া, জৰীপ আৰু চিনাক্তকৰণৰ দাবীৰে মানৱ শৃংখল প্ৰতিবাদ।