
১. কেৰালাত পুনৰ ৫জন লোক জিকা ভাইৰাছত আক্ৰান্ত। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰে এই কথা।
২. তামিলনাডুত পুনৰ ২২০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৮৫৯০জন ৰোগী।
৩. বিজেপিৰ সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে ৰোহিতশ্বৱা কুমাৰ শৰ্মাক। ৬ বছৰৰ বাবে সদস্য পদৰ পৰা কৰা হৈছে বহিষ্কাৰ।
৪. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত শনিবাৰৰ দিনটোত নতুনকৈ ১১৭১জনৰ দেহত ধৰা পৰে কোভিড-১৯।
৫. মহানগৰীত চোৰাং কাঠৰ সন্ধানত অভিযান চলিছে বন বিভাগৰ। বেলতলা, বশিষ্ঠ, বেহৰবাৰীৰ কেইবাখনো কাঠৰ দোকানত অভিযান চলাই ইতিমধ্যে বন বিভাগে ছীল কৰিছে কাঠৰ দোকান।
৬. কৰ্ণাটকত পুনৰ ১৮৬৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত শনিবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ৪২জনৰ মৃত্যু।
৭. যোৱা ২৪ ঘন্টাত উত্তৰাখণ্ডত ৩২জন লোক কোৰোনাত আক্ৰান্ত । এতিয়াও ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৬৫৬জন ৰোগী চিকিৎসাধীন হৈ আছে।
৮. কেৰালাত পুনৰ ১৬১৪৮জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত ১২৪৭৭৯জন লোক চিকিৎসাধীন হৈ আছে।
৯. শনিবাৰে কোৰোনাত আক্ৰান্ত হৈ অসমত ২৩গৰাকী লোকৰ মৃত্যু। নতুনকৈ আক্ৰান্ত হৈছে ১৭২৭গৰাকী লোক।
১০. তেলেগু দেশম পাৰ্টীৰ কৰ্মীৰ প্ৰতিবাদ অন্ধ্ৰপ্ৰদেশৰ নেল্ল'ৰেত। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ।
১১. পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। বিৰোধী-কংগ্ৰেছে ইয়াকে লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ।
১২. হোজাইৰ লংকাত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে বিভিন্ন প্ৰান্তত জব্দ হ'ল অবৈধ সুৰা আৰু বিলাতী চিগাৰেট।
১৩. দিল্লীত পুনৰ ৫৯ জন কোৰোনাৰ আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ৯১জন লোক। ৰাজ্যখনত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ।
১৪. কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধুৱে সাক্ষাৎ কৰে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুনীল জাখৰক। পাঞ্চকুলা স্থিত বাসগৃহত সাক্ষাৎ কৰে তেওঁক।
১৬. মৰিগাঁৱৰ বজাৰত দুষ্প্ৰাপ্য পক্ষীৰ চোৰাং বেহা। আৰক্ষীৰ সহযোগত প্ৰকৃতিপ্ৰেমীয়ে উদ্ধাৰ কৰে ৪৫টা বিভিন্ন প্ৰজাতিৰ চৰাই।
১৭. সৰুপথাৰৰ বৃহত্তৰ অঞ্চল খৰাংপীড়িত অঞ্চল ঘোষণা চৰকাৰৰ। কেবিনেট বৈঠকত এই ঘোষণা কৰে হিমন্ত বিশ্ব চৰকাৰে
১৮. মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত অভিযানলৈ সাজু তেজপুৰ আৰক্ষী। তীৰ, ডাবল গুটি, ড্ৰাগছ, চুলাইমুক্ত হ'ব তেজপুৰ।
১৯. দেওবাৰে আনুষ্ঠানিকভাৱে নতুন SOP প্ৰকাশ পাব। কণ্টেইনমেণ্ট জিলাৰ পৰা সম্পূৰ্ণ লকডাউন প্ৰত্যাহাৰ হ'ব।
২০. নলবাৰীৰ মুকালমুৱাত হাত ভৰি বন্ধা অৱস্থাত শুকুৰবাৰে এগৰাকী অৰ্ধ উলংগ কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
২১. মৰিয়নিত নৃশংস হত্যাকাণ্ড।মৰিয়নি ভেলেউগুৰি কালিয়া গাওঁ নিবাসী ভূপেন হাজৰিকা (২৬) বছৰীয়া পুত্ৰ বীৰেন হাজৰিকা নামৰ যুবক জনক অচিনাক্ত দুবৃত্তই চুকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে।
২২. মাৰ্ঘেৰিটাৰ লিডুত পুৱতি নিশা ৰাইজে ধৰিলে দুটা গভাইত চোৰ। চোৰ দুটাক লপাথপা দি ৰাইজে গতাই দিলে আৰক্ষীক।
২৩. বুকুত অজুত সাহস বান্ধি অসম মুলুকৰ পৰা অলিম্পিকলৈ ওলাইছে লাভলীনা। অসমবাসীয়ে শুভেচ্ছাৰে উপচাই দিছে খেলুৱৈগৰাকীক।
২৪. ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত আছে। ব্যাপক প্ৰতিবাদৰ পিছতো গা লৰা নাই চৰকাৰ-প্ৰশাসনৰ।
২৫. শনিবাৰৰ দিনটোত মঙলদৈ জিলা কাৰাগাৰত ৯ জন কয়দীৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি, ইয়াকে লৈ কাৰাগাৰ খনত আতংকৰ সৃষ্টি হয়।