/asomiyapratidin/media/media_files/2026/01/20/659-2026-01-20-22-04-16.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাগান কলঘৰ পথত সোমবাৰে সন্ধিয়া প্ৰায় ৮-৩০ বজাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন ৱাগনৰ আৰহীৰ এজন নিহত হোৱাৰ লগতে দুজন চিকিৎসাধীন হ'বলগীয়া হয়।স্থানীয় লোকে কয় যে, এই কল ঘৰ পথত কালি সন্ধিয়া এখন বালি কঢ়িওৱা ট্ৰাক ৰখাই থয় কোনো লোকে।
সেই সময়তে গাড়ীলিকৰ ফালৰ পৰা এখন ৱাগনৰেৰে গণেশ ৰাভা,নীলমণি শৰ্মা আৰু সঞ্জীৱ ৰাভাই আহি আছিল। তেনেক্ষেত্ৰত এই বাহনখনে পথৰ হেলনীয়া ঠাইত ৰখাই থোৱা বাহনখনত খুন্দা মাৰে। ফলত এই ঘটনা সংঘটিত হয়। লগতে ৱাগনৰখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ উপৰি বাহনখনৰ ভিতৰ ভাগ তেজেৰে ভৰি পৰে।স্থানীয় লোকে এই তিনিজন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
গণেশ ৰাভা,নীলমণি শৰ্মা আৰু সঞ্জীৱ ৰাভাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিচত গণেশ ৰাভাৰ মৃত্যু ঘটে। আনহাতে সঞ্জীৱ ৰাভা আৰু নীলমণি শৰ্মা চিকিৎসাধীন অৱস্থাত থাকে।
এই ঘটনা সংঘটিত হোৱাৰ পিচত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথত ৰখাই থোৱা বাহনখন পলাই যাবলৈ সক্ষম হয়। আনহাতে একাংশই এম্বুলেন্সক খবৰ কৰে যদিও কিবা বিসংগতিৰ বাবেই স্থানীয় চুমো গাড়ীৰে এই তিনিজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
একাংশ লোকে প্ৰথমে এই বাহনখনত বালি থকা বুলি কৈছিল। কিন্তু এই ৰখাই থোৱা বাহনখনত বালি নাছিল বুলি জানিব পৰা গৈছে। শেষত নিশা এই বাহনখন আৰক্ষীয়ে জব্দ কৰে।
উল্লেখ যে,পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত এই মিৰ্জা চানডুবি পথত সঘনাই এনে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিশেষকৈ গধূৰ যানবাহনৰ দৌৰাত্ম্য তথা একাংশ উদণ্ড যানবাহন চালকৰ দৌৰাত্ম্যৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কিন্তু আৰক্ষী প্ৰশাসন,পৰিবহন বিভাগ তথা লোহাৰঘাটৰ বনবিভাগে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ আহিছে।
ফলত দিনত কিয় নিশাৰ ভাগত সঘনাই এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আনহাতে আজি বিজয়নগৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত উপৰহালীত এক ভয়ংকৰ পথ দুৰ্ঘটনা এগৰাকী ৮৪ বছৰৰ উৰ্ধৰ বৃদ্ধাৰ মৃত্যু হয়। খবৰমতে, বিজয়নগৰৰ সমীপৰ উপৰহালীৰ চিলাৰায় নগৰত ৰঙামাটিৰ দিশৰ পৰা বিজয়নগৰ অভিমুখে গৈ থকা AS/25/AC1403 নম্বৰৰ বলেৰ’ পিকাপ ভানখনে উক্ত অঞ্চলৰে সব্যা দাস নামৰ বৃদ্ধা মহিলা গৰাকীক মহটিয়াই লৈ যায়।
ফলত থিতাতে বৃদ্ধা গৰাকী নিহত হয়। নিজৰ পদূলিতে তীব্ৰ বেগী বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লোৱা মহিলা গৰাকীৰ মৃতদেহ বিজয়নগৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে উক্ত বাহন খন জব্দ কৰে। এই দুয়োটা ঘটনাই পলাশবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us