/asomiyapratidin/media/media_files/2025/08/08/44-2025-08-08-22-13-07.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যান শস্য আৰু সংসাধন সঞ্চালকালয়ৰ অধীনৰ নেচনেল হানী বি মিছন আঁচনিৰ দ্বাৰা তথা লুইত এডুকেচনেল চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ সৌজন্যত ৰঙিয়া মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত বৈজ্ঞানিক পদ্ধতিৰে উন্নতমানৰ মৌ- পালন আৰু পৰিচৰ্যা বিষয়ক এখনি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে ৰঙিয়া মহকুমা কৃষি বিষয়া দুৰ্লভ দাসে।
প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গজেন চন্দ্ৰ শৰ্মা। প্ৰশিক্ষণ কাৰ্যসূচীৰ আঁত ধৰে প্ৰাক্তন কৃষি উপ সঞ্চালক হোমেশ্বৰ কলিতাই।
প্ৰায় ৪০ গৰাকী আগ্ৰহী মহিলা- পুৰুষে আজি ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াত ভাগ লয়। এই প্ৰশিক্ষণত বিভিন্ন প্ৰজাতিৰ মৌমাখিৰ সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়োৱা হয়। লগতে মৌ- পালনত ব্যৱহৃত বিভিন্ন সা- সঁজুলিৰ সম্পৰ্কত বিস্তৃত ব্যাখ্যা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, অহা ১১ আগষ্ট ২০২৫ত পুনৰ এনে এক প্ৰশিক্ষণ ৰঙিয়া মহকুমা কৃষি বিষয়াৰ কাৰ্যলয়ত অনুষ্ঠিত হ’ব।