/asomiyapratidin/media/media_files/2025/12/19/ghfgdfdgfgh-2025-12-19-18-26-35.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ কৃষি বিভাগ, অসম আৰু ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালয়ৰ সহযোগত শুকুৰবাৰে গুৱাহাটীত “ডিজিটেল শস্য জৰীপ” বিষয়ক এখন এদিনীয়া ৰাজ্যিক পৰ্যায়ৰ মাষ্টাৰ ট্ৰেনাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্ৰবীণে (আই এ এছ) এই অনুষ্ঠানৰ আৰম্ভণি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/whatsapp-image-2025-12-19-18-33-57.jpeg)
তেওঁ উল্লেখ কৰে যে, ভূ-অৱস্থানভিত্তিক তথা শস্য সম্পৰ্কীয় সঠিক তথ্য সংগ্ৰহৰ ক্ষেত্ৰত ডিজিটেল শস্য জৰীপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। সেয়েহে এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰাৰ বাবে অনুষ্ঠানত উপস্থিত প্ৰশিক্ষাৰ্থীসকলক পৰামৰ্শ আগবঢ়ায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/whatsapp-image-2025-12-19-18-34-26.jpeg)
এই অনুষ্ঠানত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি সচিব অৰুণা ৰাজ’ৰিয়া(আই এ এছ)ই কৃষি পৰিকল্পনা শক্তিশালী কৰাৰ লগতে শস্য বীমা, চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ আৰু কৃষকসকলৰ প্ৰগতি সুনিশ্চিত কৰাত ডিজিটেল শস্য জৰীপ অতিকৈ সহায়ক বুলি উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/whatsapp-image-2025-12-19-18-34-51.jpeg)
ৰেডিছন ব্লুত অনুষ্ঠিত এই কাৰ্যসূচীত “ডিজিটেল শস্য জৰীপ” সন্দৰ্ভত দেখা দিয়া সমস্যাসমূহ কি দৰে সমাধান কৰিব লগতে ৬ জানুৱাৰী ২০২৬ৰ পৰা আৰম্ভ হ’বলগীয়া ৰবি শস্য ২০২৫-২৬ ৰ ক্ষেত্ৰত ডিছিএছ ৰূপায়নৰ জৰিয়তে কি দৰে সহায়ক হ’ব সেই সম্পৰ্কে এই কাৰ্যসূচীত উপস্থিত প্ৰশিক্ষাৰ্থীসকলক বিষদভাৱে প্ৰশিক্ষণ দিয়া হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/whatsapp-image-2025-12-19-18-35-13.jpeg)
এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যৰ ৩৫খন জিলাৰ সহকাৰী জিলা আয়ুক্ত (কৃষি), সহকাৰী জিলা আয়ুক্ত (ৰাজহ), জিলা কৃষি বিষয়া, জিলা ন’ডেল বিষয়াৰ লগতে এগ্রিষ্টেকৰ কেন্দ্ৰীয় প্ৰকল্প নিৰীক্ষণ গোটৰ জ্যেষ্ঠ পৰামৰ্শদাতা প্ৰসন্ন শইকীয়া আৰু ৰাজ্যিক প্ৰকল্প নিৰীক্ষণ গোটৰ বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us