চাইবাৰ উৎপীড়ন প্ৰতিৰোধ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা...

চাইবাৰ উৎপীড়ন প্ৰতিৰোধ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
চাইবাৰ উৎপীড়ন প্ৰতিৰোধ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা...

ডিজিটেল সংবাদ, গুৱাহাটীঃ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় তথা অসম সৰ্বশিক্ষা অভিযান মিছন, কামৰূপ (মেট্ৰ') জিলায়ে চাইবাৰ উৎপীড়ন প্ৰতিৰোধৰ ওপৰত এদিনীয়া জিলা পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ (এনচিপিচিআৰ) চাইবাৰ উৎপীড়ন প্ৰতিৰোধ বিষয়ৰ সন্দৰ্ভত এদিনীয়া জিলা পৰ্যায়ৰ সংবেদনশীলতা-তথা-অভিমুখীকৰণ কাৰ্যসূচী ২আগষ্ট তাৰিখে গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন তথা প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰা হ'ব।

  User
User

এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়ৰ শিক্ষকসকলক উক্ত কাৰ্যসূচীত উপস্থিত থাকিবলৈ অনুৰোধ কৰিছে। সেই অনুসৰি এখন তালিকাত অন্তৰ্ভুক্ত প্ৰতিখন বিদ্যালয়ৰ সহকাৰী শিক্ষক, চি.আৰ.চি.চি.এছ., প্ৰধান শিক্ষকসকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

  User
User
  User
User
  User
User
SARBA SIKSHA ABHIJAN MISSION