ইণ্ডো-বাংলাদেশ সীমান্তত নিচাজাতীয় দ্ৰব্য সহ সৰবৰাহকাৰী আটক…

ইণ্ডো-বাংলাদেশ সীমান্তত নিচাজাতীয় দ্ৰব্য সহ সৰবৰাহকাৰী আটক…

author-image
asomiyapratidin
New Update
ইণ্ডো-বাংলাদেশ সীমান্তত নিচাজাতীয় দ্ৰব্য সহ সৰবৰাহকাৰী আটক…

 ডিজিটেল ডেস্ক: ইণ্ডো-বাংলাদেশ সীমান্তত বিএছএফৰ হাতত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী লগতে জব্দ কৰা  হয় নিচাজাতীয় দ্ৰব্য।

১২ জুলাইত  সীমান্ত সুৰক্ষাৰ থকা নিৰাপত্তাৰক্ষীয়ে নিষিদ্ধ কাহৰ চিৰাপৰ সৈতে এজন চোৰাং ব্যৱসায়ীক আটক কৰে ।

বিএছএফে এজন বাংলাদেশৰ নাগৰিকক আটক কৰাৰ লগতে  ইন্দো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোচবিহাৰৰ কাটিবাৰী অঞ্চলত ১০৩ টা নিসিদ্ধ কাহৰ চিৰাপৰ বটল জব্দ কৰে। উল্লেখ্য যে, এই নিসিদ্ধ দৰৱ সমূহ বাংলাদেশলৈ নিয়াৰ যো যা চলোৱা হৈছিল।

আন এক অভিযান, গোপন সূত্ৰৰ পম খেদি সীমান্তবাসীয়ে ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৭০০ বটল নিষিদ্ধ কাহ চিৰাপৰ সৈতে এখন ইৰিক্সা জব্দ কৰে ।

আৰু পঢ়ক: ছোৱাইন ফ্লুৰ আতংক, প্ৰশাসনে হত্যা কৰি পুতি থ'লে ১৫০ টা গাহৰি…

drugs arreste