/asomiyapratidin/media/media_files/2025/10/02/456-2025-10-02-14-52-54.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : দেশজুৰি জাতিৰ পিতাক সশ্রদ্ধ স্মৰণ কৰাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে লাকুৱা উন্নয়ন খণ্ডৰ অন্তগৰ্ত নিমনাগড় গাঁও পঞ্চায়তৰ কার্যালয়তো এখন বিশেষ গাঁওসভা অনুষ্ঠিত হয়। প্রথমে বাপুজীক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
পিছত গাঁও পঞ্চায়তৰ সভাপতি অজন্তা বৰুৱা পৌৰোহিত্যত অনুষ্ঠিত হোৱা গাঁওসভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পঞ্চায়তখনৰ জিপিচি জিপিচি পংকজ সন্দিকৈ ৷উক্ত সভাত পঞ্চায়তৰ আগন্তুক বিত্তীয় বৰ্ষৰ উন্নয়ন পৰিকল্পনাৰ প্ৰস্তুতি সম্পর্কে,জল জীৱন মিছন, কৃষি,এম জি এনেগাৰ বিষয়, স্বাস্থ্যকে ধৰি বিভিন্ন চৰকাৰী আঁচনি সম্পৰ্কে আলোচনা হয়।
সভাত চলা আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰণৱ চাউলু,নিমনাগড় আঞ্চলিক পঞ্চায়তৰ সদস্যা পল্লবী শ্যাম, জিপিচি পংকজ সন্দিকৈ, সচিব লক্ষ্য বৰুৱা , সহকাৰী অভিযন্তা হেমন্ত বৰ গোঁহাই, জিআৰএছ হেমন্ত গগৈ উপস্থিত থাকি আচঁনিসমূহৰ সম্পৰ্কে ৰাইজক অবগত কৰা লগতে ৰাইজৰ সমস্যা সমূহ আলোচনা কৰি পৰিকল্পনা যুগুত কৰে ৷ উক্ত সভাত পঞ্চায়তৰ বিষয়ববীয়া, ৱার্ড সদস্য, আশাকর্মী, গোটৰ সদস্যা, জীৱিকা সখীৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।