/asomiyapratidin/media/media_files/2026/01/01/565-2026-01-01-18-24-28.jpg)
ডিজিটেল সংবাদ, শিলচৰ : নতুন বছৰৰ প্ৰথম দিনটোতে বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ ৰে'ল যাত্ৰীসকলৰ বাবে সুখবৰ। যাত্ৰীসকলৰ দীৰ্ঘদিনৰ দাবী এটি পহিলা জানুৱাৰীৰ দিনাই পূৰণ কৰিলে ৰে'ল বিভাগে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/01/whatsapp-image-2026-2026-01-01-18-27-48.jpeg)
পুৰণি ডবাৰ সলনি বছৰৰ পহিলা দিনটোত ৰে'ল বিভাগে উপহাৰ দিলে ৱৰ্ল্ড ক্লাছ LHB ডবাযুক্ত এখন নতুন যাত্ৰীবাহী ৰে'লৰ। বৃহস্পতিবাৰে শিলচৰ- আগৰতলা এই ৰে'লখনৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্য সভাৰ সাংসদ কণাড পুৰকায়স্থ, শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তীসহ ৰে'ল বিভাগৰ বিষয়াসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/01/whatsapp-image-20-2026-01-01-18-27-29.jpeg)
দীৰ্ঘদিন ধৰি ৰে'ল যাত্ৰীসকলে দুয়োগৰাকী সাংসদক অভিযোগ দিয়াৰ পিছত সাংসদদ্বয়ে বিষয়টো ৰে'ল মন্ত্ৰীৰ দৃষ্টি গোচৰ কৰাত অৱশেষত বছৰৰ পহিলা দিনটোতে বৰাক- আৰু ত্ৰিপুৰাৰ যাত্ৰীসকলে লাভ কৰিলে অত্যাধুনিক সুবিধাযুক্ত এই ৰে'ল গাড়ীখন। ইয়াৰ বাবে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় সাংসদদ্বয়ে ।
অহা মাহত শিলচৰ - ৰঙিয়া এক্সপ্ৰেছখনৰ ডবাবোৰো LHB coach লৈ পৰিৱৰ্তন কৰা হ'ব বুলি জানিবলৈ দিছে সাংসদ কণাড পুৰকায়স্থই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us