৭ ছেপ্টেম্বৰত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন...

ৰাজ্যৰ ভিতৰতে অন্যতম পুৰণি, ১৯৬৪ চনত স্থাপিত সাংবাদিকসকলৰ সংগঠন শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন খনি অহা ৭ ছেপ্টেম্বৰত আয়োজন কৰা হৈছে। অসম ৰাজ্যিক সাংবাদিক

author-image
Asomiya Pratidin
New Update
ujjd

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৰাজ্যৰ ভিতৰতে অন্যতম পুৰণি, ১৯৬৪ চনত স্থাপিত সাংবাদিকসকলৰ সংগঠন শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন খনি অহা ৭ ছেপ্টেম্বৰত আয়োজন কৰা হৈছে। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন উপলক্ষে শিৱসাগৰ চহৰৰ কে. পি, চাৰিআলিত অৱস্থিত কালী প্ৰসাদ সোঁৱৰণী ভৱনত পুৱা পতাকা উত্তোলনেৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব জিলা সাংবাদিক সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অনিল গুপ্তাই। পুৱা ৯ বজাৰ পৰা হ'ব লগা প্ৰতিনিধি সভাত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে এখন নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ'ব।

উক্ত প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা। বিয়লি এক বজাৰ পৰা অনুষ্ঠিত হ'বলগা মুকলি সভাত ধেমাজি নিবাসী বিশিষ্ট সাহিত্যিক, গৱেষক ড° পুষ্প গগৈক প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই ব্ৰিটিছ বিৰোধী সংগ্ৰামত ভাৰতৰ প্ৰথম ছহিদ পিয়লি ফুকন সোঁৱৰণী ৰাজ্যিক বঁটা প্ৰদান কৰা হ'ব।

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই। উক্ত মুকলি সভাতে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক সোমেশ ডেকা আৰু আমগুৰিৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট সাহিত্যিক জুৰি শইকীয়াক শিৱসাগৰ জিলা সাংবাদিক সংস্থাই সম্বৰ্ধনা জ্ঞাপন কৰিব। অধিবেশনৰ সকলো কাৰ্যসূচীতে সহায়-সহযোগ আৰু উপস্থিতি কামনা কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক জয়জ্যোতি গগৈয়ে।

শিৱসাগৰ