/asomiyapratidin/media/media_files/2025/11/22/4-2025-11-22-16-43-08.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত অহা ২৪ নৱেম্বৰত অসম বুক অফ ৰেকৰ্ডছৰ লক্ষ্যৰে লাচিত দিৱস উদযাপনৰ চলিছে ব্যাপক প্ৰস্তুতি ৷ এই উদ্দেশ্যৰে এহাজাৰ তিনিশ যুৱকে হাতত হেংদাঙ লৈ লাচিতৰ বেশত শোভাযাত্ৰা কৰিবলৈ সাজু হৈছে ৷
উল্লেখ্য যে, তাৰেই অংশস্বৰূপে জামুগুৰিহাটৰ পকামূৰা পথাৰত প্ৰস্তুতিৰ শেষ আখৰাত ব্যস্ত এইসকল যুৱক ৷ আজি পূৱা নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা এহাজাৰৰো অধিক যুৱক জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ স্থলী ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত উপস্থিত হৈ শেষবাৰৰ বাবে এইদৰেই আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।
ইফালে এহাজাৰ যুৱকে লাচিতৰ বেশত শোভাযাত্ৰা কৰিব পৰাকৈ এখন বিশাল নাও নিৰ্মাণ কৰাৰ বিষয়েও জানিব দিয়ে ৷ চতিয়াৰ উদ্যমী যুৱক তথা বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নিৰজ নিশিম হাজৰিকাৰ একক প্ৰচেষ্টাত এই লাচিত দিৱস উদযাপন কৰা হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us