/asomiyapratidin/media/media_files/2025/12/27/534-2025-12-27-12-57-59.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ পাৰ্চনেল পোষ্টৰ চতুৰ্থ শ্ৰেণী, মাষ্টাৰ ৰোল, ফিক্স পে, কেজুৱেল আৰু চুইপাৰ(চাফাই কৰ্মী) কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম জলসিঞ্চন চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থা, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ’ব। এই অভিৱৰ্তন অহা ৪ জানুৱাৰীত, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত প্ৰেক্ষাগৃহত, দিনৰ ১১.০০ বজাৰ পৰা বিয়লি ৩.০০ বজালৈকে অনুষ্ঠিত হ’ব।
অভিৱৰ্তনত জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলৰ বহুদিনীয়া গুৰুত্বপূৰ্ণ দাবীসমূহ উত্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে—
- অষ্টম দৰমহা আয়োগ গঠন
- পাৰ্চনেল পোষ্টৰ চতুৰ্থ শ্ৰেণী কৰ্মচাৰীসকলৰ পদোন্নতি
- পেন্সন ব্যৱস্থা সৰলীকৰণ
- মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ হাউচ ৰেণ্ট বৃদ্ধি আৰু অৱসৰোত্তৰ আৰ্থিক সুৰক্ষা
- বঞ্চিত মাষ্টাৰ ৰোল,ফিক্স পে, চুইপাৰ (চাফাই কৰ্মী)কেজুৱেল কৰ্মচাৰীসকলৰ চাকৰি নিশ্চিতকৰণ
- চাকৰি কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি।
কৰ্মচাৰীসকলৰ সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত চৰকাৰী সহায়ৰ আঁচনি ঘোষণা কৰা। একেদৰে সদৌ অসম জলসিঞ্চন চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ মতে, এই দাবীসমূহ কোনো অযুক্তিৰ দাবী নহয়, বৰঞ্চ নীৰৱ আৰু নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকলৰ ন্যায্য, মানৱীয় আৰু আইনগত অধিকাৰৰ সৈতে জড়িত। এই ৰাজ্যিক অভিৱৰ্তনলৈ মুখ্যমন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী, জলসিঞ্চন বিভাগৰ সচিব আৰু উপ-সচিব মহোদয়, মুখ্য অভিযন্তা মহোদয় লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সম্পাদক প্ৰধান মহোদয়কো আমন্ত্ৰণ জনোৱা হৈছে।
সন্থাই আশাবাদী যে মাননীয় অতিথিসকলৰ উপস্থিতি আৰু সদয় হস্তক্ষেপে কৰ্মচাৰী সমাজৰ এই দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এক ইতিবাচক পথ প্ৰদৰ্শন কৰিব। সদৌ অসম জলসিঞ্চন চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থা, কেন্দ্ৰীয় সমিতিয়ে এই অভিৱৰ্তনৰ বিষয়ে সংবাদ মাধ্যমসমূহৰ সহায়-সহযোগিতা কামনা কৰিছে যাতে কৰ্মচাৰী সমাজৰ ন্যায্য দাবীসমূহ ৰাজ্যবাসীৰ আগত সুস্পষ্টভাৱে উপস্থাপন হ’ব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us