/asomiyapratidin/media/media_files/2025/12/31/1-2025-12-31-11-22-33.jpg)
ডিডিটেল ডেস্কঃ কালৰ বুকুত হেৰাই গ'ল ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা হেঁপাহৰ শুভেচ্ছা কাৰ্ড। এতিয়া সহজে উপলব্ধ নহয় এসময়ত বহুলভাৱে প্ৰচলিত আপোনজনে প্ৰেৰণ কৰা হেঁপাহৰ গ্ৰিটিংছ কাৰ্ডসমূহ। নষ্টালজিক হৈ পৰিল এই গ্ৰিটিংছ কাৰ্ডসমূহ।
/asomiyapratidin/media/post_attachments/33d717d8-160.png)
আধুনিকতাৰ ধামখুমীয়াত অথবা তথ্য প্ৰযুক্তিৰ আগ্ৰাসনত মোবাইল ফোনৰ প্ৰচলনৰ লগে লগেই ইজনে সিজনক লগ পোৱাটো অতি সহজ হৈ পৰিল ৷দেশ বিদেশৰ লোকক ঘৰতে বহি যোগাযোগ কৰিবলৈ সুবিধা পোৱাৰ লগতে ভাবৰ আদান প্ৰদান সহজ হৈ পৰিল। নতুন বছৰ বা বিভিন্ন সময়ৰ শুভেচ্ছা সহজতে জ্ঞাপন কৰিব পৰা হ’ল অতীত হৈ পৰিল সেই ৰঙীন কলমৰে লিখি নিজৰ আপোনজনলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা সেই হেঁপাহৰ কাৰ্ডখন।
/asomiyapratidin/media/post_attachments/68bf10a2-1cd.png)
আধুনিকতাৰ ধামখুমীয়াত গ্ৰীটিংছ কাৰ্ডবোৰ এতিয়া লাহে লাহে ইতিহাস হোৱাৰ পথত। নতুন বছৰতো শুভেচ্ছা জনোৱা মাধ্যমো সলনি হ'ল।গ্ৰীটিংছ কাৰ্ডৰ সলনি ফেচবুক, হোৱাটচ এপ,ছ'চিয়েল মিডিয়াই গ্ৰীটিংছ কাৰ্ডৰ স্থান দখল কৰিলে।পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্ৰীটিংছ কাৰ্ড এতিয়া বিপনী সমূহতো নোহোৱা হ'ল।এটা সময় আছিল যিটো সময়ত এই কাৰ্ড বহুল প্ৰচলিত প্ৰথম শুভেচ্ছা কাৰ্ড ৷এটা সময়ত ভাৰতবৰ্ষত এই কাৰ্ডৰ বহুল প্ৰচলন আছিল। প্ৰায় ১৯৭০ দশকৰ পৰা একবিংশ শতিকাৰ প্ৰথম ভাগলৈ অসমত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা এই কাৰ্ডৰ যথেষ্ট পৰিমাণে প্ৰচলন আছিল।
/asomiyapratidin/media/post_attachments/7724722a-af5.png)
পিচে এই কাৰ্ড প্ৰচলন নোহোৱা হ'ল।কালৰ গ্ৰাসত হেৰাই যোৱা গ্ৰিটিংছ কাৰ্ড ধৰি ৰখাৰ প্ৰয়াস চামগুৰিৰ দুগৰাকী কণমানিৰ।চামগুৰিৰ শিঙিয়া কেকোঁৰা চুক গাঁৱৰ উৎপলাক্ষী বৰা আৰু থানভি বৰাই নিজৰ বন্ধু-বান্ধবী সকলৰ লগতে নিজৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ঘৰতে বনাইছে নানাৰঙী গ্ৰিটিংছ কাৰ্ড। ৰঙীন কাগজ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ডিজাইনেৰে বনাইছে গ্ৰিটিংছ কাৰ্ড সমূহ। সচাঁকৈযে উঠি অহা প্ৰজন্মটোৰ এনে আগ্ৰহ দেখি পুৰণি দিনবো ঘুৰি অহাৰ দৰে লাগে।
/asomiyapratidin/media/post_attachments/7e35701f-bfd.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us