/asomiyapratidin/media/media_files/2025/12/13/new-ap-web-2-22-2025-12-13-17-00-13.jpg)
ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীসকলক উৎসাহ-উদ্দীপনা যোগোৱাৰ উদ্দেশ্যৰে প্ৰতিবছৰৰ দৰে এইবেলিও ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰৰ ২০২৫-২৬বৰ্ষৰ বঁটা বিতৰণী সভাখন সুকলমে অনুষ্ঠিত হৈ যায়। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যৰ্পনেৰ আৰম্ভণি হোৱা অনুষ্ঠানটোত শিক্ষাৰ্থীসকলে বহুকেইটা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/09918d2f-6d5e-4fed-baf7-d134e57a50a5-2025-12-13-16-51-26.jpg)
আৰম্ভণিতে বিদ্যালয় সংগীত পৰিৱেশ কৰা অনুষ্ঠানটোত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা শিক্ষানুষ্ঠানখনৰ শুভাকাংক্ষী। বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তকে ধৰি গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দিব্যৰঞ্জন খাটনিয়াৰ, কৰ্মাছ কলেজৰ গ্ৰন্থাগাৰিক ড০ উৎপল শৰ্মা, অৱণী সূত্ৰধৰ, বাবুল ডেকা, দণ্ডিৰাম কাকতি, খগেন দাস, বিনা শৰ্মা, ৰাজেশ শৰ্মা উপস্থিত থাকি উৎসাহ প্ৰদান কৰে শিক্ষাৰ্থীসকলক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/62aa3f9c-2bc0-4eec-8161-07a066060736-2025-12-13-16-51-40.jpg)
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ভট্টাচাৰ্য আৰু সম্পাদক বলোৰাম কলিতাই এই বিশেষ অনুষ্ঠানটোত উপস্থিত থকা সকলো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। শিক্ষাৰ্থীসকলক উদ্দেশ্যি বিশিষ্ট সংবাদিক প্ৰকাশ মহন্তই সময়োপযোগী বিষয় শিক্ষাৰ্থীৰ পাঠ্যক্ৰমত অন্তভূক্তিকৰণৰ পোষকতা কৰে। লগতে প্ৰকৃতি আৰু আমাৰ চৌপাশৰ পৰা কিদৰে জ্ঞান আহৰণ কৰিব পাৰি তাৰ সন্দৰ্ভতো সাৱলীল বক্তব্য দাঙি ধৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/d0c16bc7-de07-44c2-9ae8-6d141675a7bd-2025-12-13-16-52-20.jpg)
ধৰি গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দিব্যৰঞ্জন খাটনিয়াৰে শিক্ষাৰ্থীসকলক ভৱিষ্যতে একো একোগৰাকী সুনাগৰিক হ’বলৈ পৰামৰ্শ প্ৰদান কৰে। লগতে সকলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/c8ab1c46-0de2-4620-80fa-e092051b0d9a-2025-12-13-16-52-08.jpg)
এইবেলি বঁটা প্ৰদান অনুষ্ঠানত প্ৰতিটো শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ভিতৰতে প্ৰথম হোৱা ৰহিমা বেগমক হেমকোষ প্ৰাণ দেবানন্দ বৰুৱা বঁটা প্ৰদান কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে, এই বঁটা দাতা হিচাপে দায়িত্ব পালন কৰি আহিছে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/c8406924-5773-4cde-b2da-6b2234b9bbc0-2025-12-13-16-51-52.jpg)
ইয়াৰ বাহিৰেও বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে একেৰাহে প্ৰতিটো বছৰত অসমীয়া বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা জয়দ্বীপ সূত্ৰধৰকো বঁটা প্ৰদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা দিশা মজুমদাৰকো বঁটা প্ৰদান কৰা হয় এই সভাত। আনফালে বাৰ্ষিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা জয়দ্বীপ সূত্ৰধৰ, দ্বিতীয় স্থান লাভ কৰা ৰুকিমা খাটুন আৰু তৃতীয় স্থান লাভ কৰা ৰেলিমা আখটাৰকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us