খাৰছাং কাণ্ড : বিদেশী বিশেষজ্ঞৰ দল নিয়োগ

অৰুণাচল প্ৰদেশৰ খাৰছাং তৈলক্ষেত্ৰত জিঅ'এনপ্ৰ' পেট্ৰ'লিয়াম লিমিটেড চমুকৈ (GEPL)-ৰ দ্বাৰা পৰিচালিত এক কুঁৱাত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণে আজি অষ্টম দিনত ভৰি দিলে। ৩০ অক্টোবৰত সংঘটিত এই ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এক ব্যৱস্থা গ্ৰহণ কৰিছে

author-image
Asomiya Pratidin
New Update
200

ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশৰ খাৰছাং তৈলক্ষেত্ৰত জিঅ'এনপ্ৰ' পেট্ৰ'লিয়াম লিমিটেড চমুকৈ (GEPL)-ৰ দ্বাৰা পৰিচালিত এক কুঁৱাত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণে আজি অষ্টম দিনত ভৰি দিলে। ৩০ অক্টোবৰত সংঘটিত এই ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এক ব্যৱস্থা গ্ৰহণ কৰিছে অইল ইণ্ডিয়া লিমিটেডে।

অইল ইণ্ডিয়া লিমিটেডে ইতিমধ্যে আমেৰিকাৰ এটা বিশেষজ্ঞৰ দলক নিয়োগ কৰিছে। অইলৰ শীৰ্ষ বিষয়াই জনোৱা অনুসৰি, বৃহস্পতিবাৰে M/s. Cudd Pressure Control নামৰ আমেৰিকাৰ প্ৰতিষ্ঠানটোৰ ৫-৬ জনীয়া এটা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হ'ব। এই দলটোৱে বৰ্তমান কাম কৰি থকা OIL আৰু ONGCL-ৰ সংকট ব্যৱস্থাপনা দলৰ সৈতে এক আলোচনা কৰিব।

প্ৰণিধানযোগ্য যে, অৰুণাচলৰ খাৰাচাঙত অৱস্থিত তৈলক্ষেত্ৰত অঘটন যোৱা ৩০ অক্টোবৰৰ পৰা নিৰ্গমণ হৈ আছে তেল। জিঅ’ ইনপ্ৰ’ প্ৰাইভেট লিমিটেডে চলাইছিল তৈল খনন। তেল নিৰ্গমণ ৰোধত জিঅ’ ইনপ্ৰ’ প্ৰাইভেট লিমিটেড ব্যৰ্থ হোৱাৰ ফলশ্ৰুতিতে সৃষ্টি হৈছে এনে পৰিৱেশৰ।

অৰুণাচল