শিৱসাগৰৰ তেল চুৰিকাণ্ডঃ মেনেইজৰ নামত ধনৰ লেন-দেনৰ অভিযোগ

শিৱসাগৰৰ তেল চুৰি ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা আমগুৰি গাঁৱৰ সাংবাদিক আশ্ৰফুৰ ৰহমানক আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
new ap web 1 (1)

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ তেল চুৰি ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা আমগুৰি গাঁৱৰ সাংবাদিক আশ্ৰফুৰ ৰহমানক আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছে ৷ এই তেলচুৰি কাণ্ডৰ সৈতে বিয়াগোম আৰক্ষী বিষয়াৰ নামো সাঙুৰ খাইছে ৷ এনে পৰিস্থিতিত আৰক্ষীৰ তদন্ত কিমান নিৰপেক্ষ হ’ব তাকলৈ জনসাধাৰণে সন্দেহ প্ৰকাশ কৰিছে ৷

ইফালে, উজনি অসমত বাৰম্বাৰ সংঘটিত হৈ থকা তেল চুৰি কাণ্ডৰ তদন্ত জনসাধাৰণে প্ৰাথমিক পৰ্যায়ত চি আই ডিৰ দ্বাৰা সম্পন্ন কৰোৱাৰ দাবী উত্থাপিত হৈছে ৷ তদুপৰি উজনি অসমৰৰ বিভিন্ন থানাত পঞ্জীয়ন হৈ থকা তেল চুৰি ঘটনাৰ সন্দৰ্ভত কুখ্যাত তেল চোৰ জেলিল আলীক আৰক্ষীয়ে জিম্মাত বিচাৰি আদালতত আৱেদন জনাবনে নাই তাকলৈ প্ৰশ্ন উঠিছে ৷ উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে চোৰাং আৰু ভেজাল তেলৰ ব্যৱসায়ৰ বাবে দৈনিক কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগাত পৰিছে ৷ উজনি অসমত একাংশ তথাকথিত লোকৰ সহযোগত যোশী, চেলিম, নজমল, ৰাজা, ত্ৰিদিৱৰ লগতে ভালেসংখ্যকে উজনি অসমত তেল চুৰি ঘটনাৰ নেতৃত্ব দি আহিছে ৷ 

আনহাতে, জ্যোতিস্মান বৰা সহিতে আৰক্ষীৰ দল এটাই গ্ৰেপ্তাৰ কৰা কুখ্যাত তেল চোৰ জেলিল আলীয়ে শিৱসাগৰত তেল চুৰি আৰু চোৰাং তেল মজুত কৰাৰ বাবে মিনি ৰিফাইনেৰী সদৃশ ঘাটী স্থাপন কৰি লৈছিল ৷ সুদীৰ্ঘ এটা দশক ধৰি এই চোৰটোৱে বিভিন্ন পক্ষক মেনেইজ কৰি চোৰাং তেলৰ বেহা অব্যাহত ৰাখিছিল ৷ বিশেষ এক পৰিস্থিতিত প্ৰশাসনে যোৱাবাৰ জেলিলৰ চোৰাং তেলৰ ঘাটী ছীল কৰি দিছিল ৷ দণ্ডাধীশৰ উপস্থিতিত তেল চোৰৰ গোদাম তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পিছত প্ৰশাসনে ছীল কৰি দিয়া হৈছিল ৷ জেলিল আলী আৰু আবুল আলীয়ে তেল চোৰৰ ঘাটীৰ ভিতৰত পকী নাদ নিৰ্মাণ কৰাই তাত চোৰাং খাৰুৱা তেল মজুত ৰখিছিল ৷ 

উল্লেখ্য যে, শিৱসাগৰ চহৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ বগীদ’ল সিংহদ্বাৰত বিগতৱা ৯ আগষ্টৰ দিনা কুখ্যাত তেল চোৰৰ ঘাটীত এখন ডাম্পাৰত ভয়ংকৰ বিষ্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ উত্থাপিত অভিযোগ অনুসৰি সিংহদ্বাৰৰ এই গোদামৰ পৰাই আবুল আলী আৰু জেলিল আলীয়ে সুদীৰ্ঘ দিনধৰি চোৰাং তেলৰ বেহা অব্যাহত ৰাখিছিল ৷ 

WhatsApp Image 2025-08-31 at 3.24.01 PM

অ’এনজিচিৰ বিভিন্ন তেলখাদৰ পৰা টেংকৰেৰে সৰবৰাহ কৰা খাৰুৱা তেল এই চোৰ দুটাই কম মূল্যত ক্ৰয় কৰি মজুত ৰাখিছিল ৷ ছিনটেক্সৰ ড্ৰামৰ লগতে মাটিত পুখুৰী সদৃশ দ গাঁত খান্দি চোৰাং তেল মজুত ৰাখিছিল ৷ চোৰাং তেল সমূহ প্ৰভাৱশালী লোকৰ পৃষ্ঠপোষকতাত অভিনৱ পণ্ঠাৰে অসমৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ ইমানেই নহয় যোশী, প্ৰান্তিক , ৰাজা, বিৰাজ, নজমল, ত্ৰিদিৱ, ৰুণুৰ দৰে কুখ্যাত তেল চোৰ তথা ভেজাল তেলৰ ব্যৱসায়ীৰ পৰা এইচ পি জি ক্ৰয় কৰি জেলিল আলী আৰু আবুল আলীয়ে অতি সংগোপনে ডিপুৱে ডিপুৱে বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল ৷ 

শেহতীয়া ভাবে, আবুল আলী আৰু জেলিল আলীয়ে চোৰাং তেল সৰৱৰাহ কৰাত সুবিধা হোৱাকৈ এখন ডাম্পাৰ পুনৰ নিৰ্মাণ কৰাই আছিল ৷ পৰিবহণ আইন অনুসৰি ডাম্পাৰত পৃথক চেম্বাৰ স্থাপন কৰিব নোৱাৰে ৷ কিন্তু পৰিবহণ বিভাগৰ সকলো আইনক উপলুঙা কৰি সিংহদ্বাৰৰ তেল চোৰে চোৰাং তেলৰ সৰৱৰাহ কৰিবৰ বাবে ডাম্পাৰখনৰ পাছফালৰ বডীত এক গোপন চেম্বাৰ নিৰ্মাণ কৰাৰ কাম অব্যাহত ৰাখিছিল। ডাম্পাৰৰ বডিৰ তলৰ অংশৰ গোপন চেম্বাৰত চোৰাং তেল আৰু তাৰ ওপৰত আন সামগ্ৰী লৈ বিভিন্ন স্থানলৈ পৰিবহণ কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷

দুজন ৱেল্ডাৰে ডাম্পাৰত গোপন চেম্বাৰ তৈয়াৰ কৰি থকা অৱস্থাত ৯ আগষ্টৰ দিনা চেম্বাৰৰ ভিতৰত অতিৰিক্ত গেছ জমা হোৱাৰ ফলত প্ৰচণ্ড শব্দ কৰি এক প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হৈ। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে সমীপৰ লোকৰ ঘৰ দুৱাৰ কঁপি উঠিছিল ৷ বিস্ফোৰণৰ শব্দ কেইবাকিলোমিটাৰ দূৰৈৰ পৰা  জনসাধাৰণে  শুনিবলৈ পাইছিল ৷ ৱেল্ডিং কৰি থকা মুজাক্কিৰ আলী নামৰ লোকজনৰ এখন ভৰি ভাঙি যোৱাৰ লগতে দেহৰ আন আন অংগত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানো ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। 

ঘটনাৰ দিনাই আৰক্ষীয়ে উক্ত অবৈধ গোদামৰ ভিতৰ ভাগৰ মাটিৰ তলত দুটা গোপন টেংকি উদ্ধাৰ কৰাৰ লগতে টেংকি দুটাত বৃহৎ পৰিমাণৰ চোৰাং তেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই চোৰ দুটাই বিভিন্ন স্থানৰ পৰা তেল চুৰিকৰি আনি মাটিৰ তলত স্থাপন কৰা টেংকিত মজুত কৰিছিল। আবুল আলী আৰু জেলিল আলীৰ উদ্যোগত বহু বছৰৰ পৰা সিংহদ্বাৰত চোৰাং তেলৰ বেহা চলি আছিল ৷ খাৰুৱা তেল চোৰৰ চৰ্দাৰক এই তেল চোৰ চক্ৰটোৱে নিয়মীয়াকৈ ধন যোগান ধৰি আহিছিল। অসমৰ বাহিৰলৈ এজেন্টৰ যোগেদি জেলিল আলীয়ে টেংকাৰে টেংকাৰে চোৰাং তেল প্ৰেৰণ কৰিছিল ৷ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক আৰু জয়সাগৰ আৰক্ষী চকীৰ বিষয়াক এন্ধাৰত ৰাখি বিয়াগোম আৰক্ষী বিষয়াই কমিচনৰ অংকত এই তেল চোৰক সহায় কৰিছিল ৷ 

আনকি সাংবাদিকক মেনেইজ কৰাৰ বাবে ৬ লাখ টকা আদায় দিয়াৰ কথা জেলিল আলীয়ে নিজমুখে স্বীকাৰ কৰিছে ৷ আশ্ৰফুৰক এই ধন দিয়া বুলি তেল চোৰে মন্তব্য কৰাৰ আধাৰতে আৰক্ষীয়ে সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰে ৷ ইমানেই নহয় নিজকে আটাছু নামৰ সংগঠনটোৰ নেতা বুলি পৰিচয় দিয়া পাপু বৰগোহাঁইয়ে বিভিন্ন পক্ষক মেনেইজ কৰাৰ নামত বৃহৎ অংকৰ ধন লোৱা বুলি তেল চোৰে সাংবাদিকৰ আগত স্পষ্ট ভাষাৰে ব্যক্ত কৰিছে আৰক্ষীয়ে কিন্তু পাপু বৰগোহাঁইক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গেলেকী তেল ডিপুত ধৰা পৰা চোৰাং তেলৰ ব্যৱসায়ৰ ঘটনা গাপ দিয়াৰ বাবে নজমল আৰু চেলিমৰ পৰা তথাকথিত লোকে নিশাটোৰ ভিতৰতে ১৭ লাখ টকা আদায় লৈছিল ৷ একেটা চক্ৰই আৰক্ষীক মেনেইজ কৰাৰ নামটো ৩০ লাখ টকা সৰকাইছিল ৷ উক্ত ঘটনাৰ পৰা জনসাধাৰণৰ দৃষ্টি  আনফালে নিয়াৰ বাবে সকলোৰে পৰিচিত দালালে মানসিক বিকাৰগ্ৰস্ত এজনৰ যোগেদি ঘটনাৰ লগত সম্পৰ্ক নথকা লোকৰ বিৰুদ্ধে  কুৎসা ৰটনা কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ এই চক্ৰটোৱে যোশী, নজমল, চেলিমৰ দৰে ব্যক্তি সকলৰ তেলচুৰি কাণ্ডৰ বাতৰি লিখিলেই সাংবাদিকৰ বিৰুদ্ধে কুৎসা ৰটনা কৰোৱাটো সাধাৰণ নিয়মত পৰিণত হৈছে ৷ 

ইফালে আৰক্ষীৰ অবিদিতে ইমান দিনে জেলিল আৰু আবুলে তেলৰ চোৰাং বেহা চলাই অহাটো কিমান সম্ভৱ তাকলৈ প্ৰশ্ন উঠিছে ৷ সিংহদ্বাৰৰ দৰে জনবহুল এলেকাত জেলিল আলী আৰু আবুল আলীয়ে কৰপৰা তেল চুৰিকৰি আনি মজুত কৰিছিল তাৰ তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰিব পাৰিবনে নোৱাৰে তাকলৈ প্ৰশ্ন উঠিছে ৷ ইয়াৰ সমান্তৰালভাৱে গেলেকী তেল ডিপুত কৰ বিভাগৰ বিষয়াই জব্দ কৰা চোৰং তেলৰ উৎস আৰু ঘটনাটো গাপ দিয়াৰ বাবে দালালে কৰা কাৰচাজিৰ সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে পুনৰ তদন্ত কৰিবনে নাই তাকলৈ প্ৰশ্ন উঠিছে ৷

তেল চোৰ তেল চুৰি চক্ৰ তেল চুৰি