চোৰাং তেল সৰবৰাহ কৰা টেংকাৰ বিস্ফোৰণ...

আহত লোক দুজন ক্ৰমে আব্দুল জেলিল(৪০) আৰু মুজ্জাকিৰ আলী (২৫) বুলি জানিব পৰা গৈছে। আব্দুল জেলিলৰ ঘৰ নাজিৰা ন-মাটিত আৰু মুজ্জাকিৰ আলীৰ ঘৰ বগীদ'লত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিৱসাগৰ:  শিৱসাগৰৰ বগীদ'ল সিংহদ্বাৰত এক অঘটন সংঘটিত হয়। এখন ডাম্পাৰ চোৰাং তেল সৰবৰাহ কৰাৰ টেংকাৰ হিচাপে নিৰ্মাণ কৰি থাকোতেই আজি এক বিস্ফোৰণ সংঘটিত হয়।ঘটনাস্থলীত মজুত কৰি ৰাখিছিল বৃহৎ পৰিমাণৰ খাৰুৱা তেল।

এই ঘটনাত দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয় । আহত লোক দুজন ক্ৰমে আব্দুল জেলিল(৪০) আৰু মুজ্জাকিৰ আলী (২৫) বুলি জানিব পৰা গৈছে। আব্দুল জেলিলৰ ঘৰ নাজিৰা ন-মাটিত আৰু মুজ্জাকিৰ আলীৰ ঘৰ বগীদ'লত।

দুই আঘাতপ্ৰাপ্তক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, জেলিল নামৰ ব্যক্তি গৰাকীৰ গোদামত অবৈধভাৱে মজুত কৰি ৰাখিছে তেল সমূহ।

শিৱসাগৰ