
ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে চাইবাৰ আক্ৰমণৰ বলি অইল ইণ্ডিয়া লিমিটেড । যোৱা ১০ এপ্ৰিলত আন্তঃৰ্জাতিক হেকাৰ চক্ৰই অইল ইণ্ডিয়া লিমিটেডক হেক কৰি বহু সংখ্যক কম্পিউটাৰ অচল কৰি পেলাইছিল ।
শেহতীয়াকৈ চক্ৰটোৱে সামাজিক মাধ্যমত অইলৰ নামত পে'জ খুলি অইলৰ বিষয়া-কৰ্মচাৰীক প্ৰশ্ন কৰিছে অইলক আপুনি জানেনে ? আপোনাৰ বয়স কিমান ? যদি জানে তেন্তে শুভেচ্ছা দি একাউণ্টৰ সবিশেষ বিচাৰে দুষ্ট চক্ৰটোৱে ।
সম্ভৱতঃ এই শেষৰ প্ৰক্ৰিয়াটোত ভৰি দিলেই চাইবাৰ আক্ৰমণৰ বলি হ'ব অইল ইণ্ডিয়া লিমিটেড । শেহতীয়াকৈ ঘটনা সৰ্ন্দভত অইল নিৰাপত্তা বিভাগে দুলীয়াজান আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । এই সৰ্ন্দভত অইলত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বুলি জানিবপৰা গৈছে ।