কাৰ্যালয়ৰ বাবে উপযুক্ত স্থানৰ চাহিদা বৃদ্ধি পাব ভাৰতত...

৮৫শতাংশ ভাৰতীয় প্ৰতিষ্ঠানে নিজৰ কাৰ্যালয় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰি আছে। শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। আগন্তুক দুটা বছৰৰ ভিতৰত কাৰ্যালয়

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল ডেস্কঃ ৮৫শতাংশ ভাৰতীয় প্ৰতিষ্ঠানে নিজৰ কাৰ্যালয় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰি আছে। শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। আগন্তুক দুটা বছৰৰ ভিতৰত কাৰ্যালয় স্থাপনৰ বাবে সকলো সুবিধা থকা স্থানৰ চাহিদা বৃদ্ধি পাব বুলিও সদৰি কৰা হৈছে এই প্ৰতিবেদনত।

ঘৰুৱা উদ্যোগ তথা ব্যৱসায়িক খণ্ডৰ শক্তিশালী বৃদ্ধি আৰু ডিজিটেলাইশ্যচনৰ বাবে এই বৃদ্ধি সম্ভৱ হব বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনত। উল্লেখ্য যে, ২০২৪চনলৈকে এই বৃদ্ধিৰ হাৰ আছিল ৭৪শতাংশ আৰু আগন্তুক দুটা বছৰত এই বৃদ্ধি ৮৫শতাংশলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।

প্ৰণিধানযোগ্য যে, আগন্তুক দুটা বছৰত কেৱল ডাঙৰ ডাঙৰ চহৰ বোৰেই নহয়, সৰু সৰু চহৰটো কাৰ্যালয়ৰ বাবে উপযুক্ত স্থানৰ চাহিদা বৃদ্ধি পাব। এই উত্থানৰ জৰিয়তে দেশৰ সকলো প্ৰান্ততে সম বিকাশ সম্ভৱ হ'ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 

ভাৰত