/asomiyapratidin/media/media_files/2026/01/23/whatsapp-ima-2026-01-23-11-16-05.jpeg)
ডিজিটেল ডেস্কঃ গুটখা, খৈনী, বিড়ি, চিগাৰেট, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। ওড়িশা চৰকাৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা,পাণ মছলা আৰু ধঁপাত তথা নিকোটিনযুক্ত সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ নিয়ম অনুসৰি লোৱা হৈছে । এই নিষেধাজ্ঞা সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক অধিসূচনা জাৰি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-image-20-2026-01-23-11-12-49.jpeg)
উল্লেখ্য যে, স্বাস্থ্য বিভাগে উল্লেখ কৰিছে যে ধঁপাতজাতীয় সামগ্ৰী যেনে জৰ্দা, খৈনী, গুটখা, পাণ মচলা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ এটা প্ৰধান কাৰণ। ইপিনে এই পাণ মচলা,চুপাৰীৰ দৰে সামগ্ৰীও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ওড়িশা চৰকাৰৰ মতে, ৰাজ্যখনৰ প্ৰায় ৪২ শতাংশ প্ৰাপ্তবয়স্ক লোকে ধঁপাত সেৱন কৰে, যিটো ৰাষ্ট্ৰীয় গড়তকৈ প্ৰায় দুগুণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us