ওড়িশাত ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত ১০ যাত্ৰী

ওড়িশাত ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত ১০ যাত্ৰী

author-image
asomiyapratidin
New Update
ওড়িশাত ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত ১০ যাত্ৰী

ডিজিটেল ডেস্কঃ ওড়িশাত পুৱতি নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই ১০ জনকৈ তীৰ্থযাত্ৰীয়ে। ঘটনাটোত আন কেবাজনো সদস্য গুৰুতৰভাৱে আহত হয়।

Advertisment

প্ৰাপ্ত বাতৰি মতে, ছত্তীশগড়ৰ পৰা কেবাজনীয়া তীৰ্থ যাত্ৰীৰ এটা দলে ওড়িশাৰ কোনো এক মন্দিৰ দৰ্শনৰ বাবে গৈ আছিল। মন্দিৰ দৰ্শন কৰি ঘৰলৈ ওভতাৰ পথতে তেওঁলোক গৈ থকা বলেৰোখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে চুচুৰ্মৈ হৈ পৰাৰ লগতে থিতাতে ১০জন লোকৰ মৃত্যু ঘটে। আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।