১২ অক্টোবৰত ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ উদ্যোগত গুৱাহাটীত 'অধিকাৰ সমাৱেশ'

অহা ১২ অক্টোবৰত ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ উদ্যোগত গুৱাহাটীৰ চচলত 'অধিকাৰ সমাৱেশ' শীৰ্ষক এখন  গণ সমাবেশৰ আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
RRTRTRRT

ডিজিটেল সংবাদ, গুৱাহাটীঃ "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসম আদানি-আম্বানীৰ দৰে বৃহৎ বণিয়াৰ সম্পূর্ণ ক'লনীত পৰিণত হবলৈ গৈ আছে আৰু এই ষড়যন্ত্রৰ সম্পূর্ণ পৰিকল্পনা ইতিমধ্যে সাজু কৰা হৈছে। জাতি-মাটি-ভেটিৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপিয়ে এতিয়া পাহাৰ-ভৈয়ামৰ সম্পূর্ণ মাটি - ভেটি বৃহৎ বণিয়াৰ হাতত বন্ধকত ৰাখিছে। অসমৰ অমূল্য সম্পদবোৰৰ অধিকাৰৰ পৰা অসম আৰু অসমবাসীক বঞ্চিত কৰাৰ পিছত আমাৰ অস্তিত্বৰ একমাত্র সম্বলৰূপে থকা মাটিকণৰ ওপৰতো হিমন্ত বিশ্ব শৰ্মাৰ শেনচকু পৰিছে"- এই অভিযোগ ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ। 

আজি এক সংবাদমেল সম্বোধন কৰি যৌথ সংগ্রাম সমিতিৰ হৈ শান্তনু বৰঠাকুৰ, সুব্রত তালুকদাৰ, কৃষ্ণ গগৈ আৰু অচিত চক্রৱৰ্তীয়ে কয় যে, "অসমৰ মাটি বৃহৎ বণিয়াৰ হাতত গতাই দিয়াৰ সকলো ষড়যন্ত্র তৎপৰ হৈ উঠিছে। ইয়াৰ ফলশ্রুতিতেই অসমত চলিছে অবাধ উচ্ছেদ আৰু ভূমি অধিগ্রহণ। নিষ্ঠুৰ 'বুলডোজাৰৰ ৰাজনীতি'ত চাৰিওফালে এতিয়া অবৰ্ণনীয় পৰিৱেশ। উচ্ছেদৰ লগত বিয়পাই দিয়া হৈছে বিষাক্ত সাম্প্রদায়িক বিষবাষ্প। হাজাৰ হাজাৰ মানুহক একে নিশাই গৃহহীন কৰা হৈছে আৰু হাজাৰ হাজাৰ মানুহক গৃহহীন কৰাৰ আখৰা চলি আছে। বৃহৎ বণিয়াৰ স্বাৰ্থত ৰাভা হাছঙৰ বৰদুৱাৰৰ ৫০০০ বিঘা মাটি, কাৰ্বি আংলংত সৌৰশক্তি প্রকল্প আৰু কমপ্ৰেজড বায়'গেছ প্রকল্পৰ নামত ক্ৰমে ১৮০০০ বিঘা আৰু ১২০০০ বিঘা মাটি, ডিমা হাচাওৰ চিমেন্ট ফেক্টৰীৰ নামত ৯০০০ বিঘা, পৰ্বতজোৰাৰ ৩৬০০ বিঘা মাটিৰ পৰা হাজাৰ হাজাৰ পৰিয়ালক বিতাড়িত কৰাৰ পৰিকল্পনা সম্পূর্ণ হৈছে।

আনহাতে, সংবাদমেলত সংগঠনটোৱে অভিযোগ উত্থাপন কৰি কয় যে, শিলসাঁকোৰ পৰা ১২০০ পৰিয়াল, মিকিৰ বামুণীৰ পৰা ১০০ পৰিয়াল, চাপৰৰ পৰা ১২০০ পৰিয়াল, কাজিৰঙাৰ পৰা ৪৫ টি পৰিয়াল, গৰুখুটিৰ পৰা ২০৪৭ টা পৰিয়াল,  হাচিলা বিলৰ পৰা ৬৬৮ টা পৰিয়াল, পাইকানৰ পৰা ১০০০ পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰা হৈছে। এয়া কেইটামান মাত্ৰ উদাহৰণহে। একেদৰে, পাম খেতি আৰু বৃহৎ বণিয়াক মাটিৰ তলৰ খনিজ পদার্থ গতাই দিয়াৰ নামত ভৱিষ্যতে কিমান খাটিখোৱা মানুহ নিজৰ ভেটি - মাটিৰ পৰা বিতাড়িত হব তাৰ কোনো হিচাপেই নাই। একে সময়তে চাহ বাগানসমূহৰ ৫% মাটিত অন্য ব্যবসায় কৰিবলৈ চৰকাৰে প্ৰদান কৰা সিদ্ধান্তই বহু চাহ শ্রমিকৰ জীৱনলৈ যে অনিশ্চয়তা নমাই আনিব সেয়াও নিশ্চিত।  

সংগঠনটোৰ নেতৃবৰ্গই লগতে উল্লেখ কৰে যে, উচ্ছেদৰ পক্ষত চৰকাৰী বক্তব্য হ'ল যে- বনাঞ্চল ৰক্ষা কৰিব লাগে, অথচ সেই চৰকাৰেই চাৰিওফালৰ পৰা বনাঞ্চল, পাহাৰ, জলাশয় শেষ কৰি পেলাইছে। এক হিচাপমতে হিমন্ত বিশ্ব শৰ্মা শাসনত অহাৰ পিছত ২০২১ চনৰ পৰা ২০২৩ চনলৈ কেৱল মাত্ৰ ২ বছৰত ৭৯ বৰ্গ কি. মি. বনাঞ্চল হ্রাস হৈছে। সন্দেহ নাই যে তথাকথিত বিকাশৰ ফলতেই এই ধ্বংসলীলা সংঘটিত হৈছে।  সেয়েহে, এইটো  নিশ্চিত যে চৰকাৰৰ 'বুলডোজাৰ ৰাজনীতি' আৰু কৰ্প'ৰেটৰ স্বাৰ্থত অবাধ ভূমি অধিগ্রহণৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্রামৰ বিকল্প নাই।

অসমৰ খাটিখোৱা মানুহক কৰা বৃহৎ প্ৰতাৰণাৰ বিৰুদ্ধে এক ঐক্যবদ্ধ সংগ্রামৰ অংশৰূপে অহা ১২ অক্টোবৰত ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ উদ্যোগত গুৱাহাটীৰ চচলত 'অধিকাৰ সমাৱেশ' শীৰ্ষক এখন গণ সমাবেশৰ আয়োজন কৰা হৈছে। এই সমাবেশত কাৰ্বি আংলং, ডিমা হাচাও, ৰাভা হাছং, কাজিৰঙা, মিকিৰ বামুণী, বৰাক, বি.টি.আৰ, বটদ্ৰৱা,চন্দ্ৰপুৰ, দৰাবিল আদি অঞ্চলৰ ভূক্তভোগী ৰাইজে অংশগ্রহণ কৰিব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। 

ভূমি অধিকাৰ