শংকৰজ্যোতিৰ ৰাজনীতি যাত্ৰাত বাধা প্ৰাক্তন প্ৰেমিকাৰ

সক্ৰিয় ৰাজনীতিলৈ যোৱাৰ কুচকাৱাজ চলোৱাৰ সময়তে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ বাটত হেঙাৰ হৈ থিয় দিছে তেওঁৰ একালৰ প্ৰাক্তন প্ৰেমিকা। উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ পৰা কিছু মাহ পূৰ্বে প্ৰৱঞ্চনাৰ অভিযোগত কাৰাবাসপৰ্যন্ত খাটিব লগা হৈছিল আছু নেতাগৰাকী

author-image
Asomiya Pratidin
New Update
680

ডিজিটেল ডেস্ক : সক্ৰিয় ৰাজনীতিলৈ যোৱাৰ কুচকাৱাজ চলোৱাৰ সময়তে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ বাটত হেঙাৰ হৈ থিয় দিছে তেওঁৰ একালৰ প্ৰাক্তন প্ৰেমিকা। উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ পৰা কিছু মাহ পূৰ্বে প্ৰৱঞ্চনাৰ অভিযোগত কাৰাবাসপৰ্যন্ত খাটিব লগা হৈছিল আছু নেতাগৰাকী। 

সম্প্ৰতি কাৰামুক্ত হৈ স্বাভাৱিক জীৱন- যাপন কৰা শংকৰজ্যোতি বৰুৱাই শেহতীয়াকৈ সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ চৰ্চা চলিছে। এনে সময়তে শংকৰৰ প্ৰাক্তন প্ৰেমিকাগৰাকীয়ে সামাজিক মাধ্যমত তেওঁৰ এই যাত্ৰাত বাধা হৈ থিয় দি লিখিছে বহু বিস্ফোৰক কথা। 

তেওঁ লিখিছে এইদৰে-

“মোৰ জীৱন ধ্বংস কৰা শংকৰজ্যোতি বৰুৱাই বিজেপি দলত যোগদান কৰিব বুলি বাতৰি ওলাইছে। মই বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাইছোঁ বিয়াৰ প্ৰলোভনেৰে এগৰাকী ছোৱালী জীৱন ধ্বংস কৰা এনে লম্পদ চৰিত্ৰৰ ব্যক্তিক দলত অন্তৰ্ভুক্ত নকৰিবলৈ। 

WhatsApp Image 2026-01-23 at 6.01.45 PM

বহুতে ক’ব খোজে আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ সৈতে সি ঘনিষ্ঠ আৰু সেই কাৰণেই বিজেপি দলে তাক ল’বলৈ ওলাইছে। মই কথাটো বিশ্বাসত ল’ব পৰা নাই। সোনোৱাল ডাঙৰীয়াই নাৰীৰ জীৱনৰ সৈতে হেতালি খেলা ব্যক্তিক এনে সুবিধা কৰি নিদিয়ে বুলি মোৰ দৃঢ় বিশ্বাস।

মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি দিলিপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া, পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এনে ব্যক্তিক দলত যোগদানৰ অনুমতি নিদিবলৈ।

শংকৰজ্যোতি বৰুৱা