ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ত এন ভি এছ শ্বিলং সংমণ্ডলৰ ক্লাষ্টাৰ লেভেল গেমছৰ আৰম্ভণি...

ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ত এন ভি এছ শ্বিলং সংমণ্ডলৰ ক্লাষ্টাৰ লেভেল গেমছৰ আৰম্ভণি...

author-image
Asomiya Pratidin
New Update
ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ত এন ভি এছ শ্বিলং সংমণ্ডলৰ ক্লাষ্টাৰ লেভেল গেমছৰ আৰম্ভণি...

ডিজিটেল সংবাদ,ধেমাজিঃ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভণি হৈছে এন ভি এছ আঞ্চলিক কাৰ্যালয় শ্বিলঙৰ ক্লাষ্টাৰ লেভেল গেমছৰ ৷ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে খেলৰ শুভাৰম্ভণি কৰা হয়৷

Advertisment

খেলৰ শুভাৰম্ভণিৰ প্ৰাকমুহূৰ্তত ফুলাম গামোছা আৰু ফুলৰ থোপাৰে অতিথি সকলক সন্মান জনাই সভাৰ আদৰণি ভাষণ দিয়ে ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষা অঞ্জনায়ে৷ভাষনত বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে এনভিএছ ব্যৱস্থা আৰু ক্ৰীড়া সমাৰোহৰ বিষয়ে অৱগত কৰে।

এই ক্ৰীড়া সমাৰোহৰ বাবে সমগ্ৰ অসম আৰু অৰুণাচল প্ৰদেশৰ ১৩খন বিদ্যালয়ৰ পৰা মুঠ ৫৩৫ গৰাকীয়ে অংশগ্ৰহণ কৰে ৷ এনভিএছ ক্ষেত্ৰীয় কাৰ্যালয় শ্বিলঙৰ তত্বাৱধানত 'ক্লাষ্টাৰ এফ' নামেৰে জনাজাত এই ক্লাষ্টাৰে প্ৰতিযোগিতা সমূহত বিভিন্ন শৈক্ষিক বিষয়ৰ প্ৰদৰ্শনীৰ লগতে পাঁচটা প্ৰতিযোগিতা মূলক খেলৰ ব্যৱস্থা আছে ৷

এই খেলত জড়িত সকলৰ বাবে এক গতিশীল আৰু আকৰ্ষণীয় অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি বহন কৰিছে বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানতমুখ্য অতিথি ৰূপে উপস্থিত থকা ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে বক্তব্যত সামগ্ৰিক শিক্ষাত ক্ৰীড়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ ক্ৰীড়াবিদসকলক প্ৰকৃত ক্ৰীড়া আৰু সততা প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰে।

বক্তব্যত তেওঁ এই ধৰণৰ অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ মাজত ঐক্য, অনুশাসন, আৰু সুস্থ প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাত কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ সম্পৰ্কে অৱগত কৰে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ক্লাষ্টাৰত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া খেলসমূহৰ ভিতৰত আছে খো-খো, ভলীবল, কাবাডী, বেডমিণ্টন, আৰু দবা ইত্যাদি ৷

অংশগ্ৰহণকাৰীসকলৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে অতিৰিক্ত প্ৰদৰ্শনী,ন্যায্য খেল আৰু উৎসাহী অংশগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰতিটো অনুষ্ঠানৰ নিখুঁত পৰিকল্পনা কৰা হৈছে। সমগ্ৰ নৱোদয় বিদ্যালয় সমূহৰ কৰ্মচাৰী আৰু ৩৫ জন এস্কৰ্টে এই কাৰ্যসূচীৰ উপস্থিত থাকে ৷ অনুষ্ঠানৰ মাজতে এক মনোগ্ৰাহী সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সমন্বয়ক প্ৰদ্যুত বুঢ়াগোহাঁইয়ে ৷

ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়