অচিৰেই দেশে লাভ কৰিব পৰৱৰ্তী মুখ্য ন্যায়াধীশ…

অচিৰেই দেশে লাভ কৰিব পৰৱৰ্তী মুখ্য ন্যায়াধীশ…

author-image
asomiyapratidin
New Update
অচিৰেই দেশে লাভ কৰিব পৰৱৰ্তী মুখ্য ন্যায়াধীশ…

ডিজিটেল ডেস্ক:অচিৰেই দেশে লাভ কৰিব পৰৱৰ্তী মুখ্য ন্যায়াধীশ।ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন্নাই পৰৱৰ্তী চিজেআইৰ বাবে ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম ঘোষণা কৰিছে।

Advertisment

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন্নাই পৰৱৰ্তী চিজেআইৰ বাবে ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম ৰখাৰ পৰামৰ্শ দিছে।চিজেআই ৰমন্নাই আইন আৰু ন্যায় মন্ত্ৰীৰ ওচৰত পৰামৰ্শ পত্ৰখন ইতিমধ্যে দাখিল কৰিছে।যদি ন্যায়াধীশ উদয় উমেশ ললিতৰ নামৰ পৰামৰ্শ গ্ৰহণ কৰা হয়, তেন্তে তেওঁ দেশৰ ৪৯ তম চিজেআই হ'ব আৰু ন্যায়াধীশ এন ভি ৰমন্নাই ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।পৰম্পৰাগতভাৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে তেওঁলোকৰ জ্যেষ্ঠতাৰ ভিত্তিত চিজেআই হিচাপে দায়িত্ব লয়।

আৰু পঢ়ক:৫ টাকৈ মিছাইলেৰে জাপান আক্ৰমণ চীনৰ…

assam nv rammana