/asomiyapratidin/media/media_files/2025/09/17/ujjjd-2025-09-17-13-48-16.jpg)
ডিজিটেল ডেস্কঃ পুনৰ বাঢ়িল নূপুৰ বৰাৰ সম্পত্তিৰ তালিকা। বৰপেটা এছ বি আইৰ লকাৰৰ পৰা পুনৰ উদ্ধাৰ হ'ল ২৩লাখ ৭৫হাজাৰ টকা। চি এম ভিজিলেঞ্চে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক লৈ পুৱাই উপস্থিত হৈছিল বৰপেটাত। উল্লেখ্য যে, বৰপেটা এছ বি আইত নুপূৰ বৰাৰ নামত এটা একাউন্ট থকাৰ লগতে পিতৃৰ নামত আছে আন এটা একাউন্ট। নূপুৰ বৰাৰ দেউতাকৰ নাম কনৰাম বৰা।
বৰ্তমানলৈ লৈকে তদন্তকাৰী বিষয়াই নূপুৰ বৰাৰ পৰা নগদ ১কোটি ১৬লাখ ২৫হাজাৰ ৪০০টকা উদ্ধাৰ কৰিছে। পূৰ্বতে ৯২লাখ ৫০হাজাৰ ৪০০টকা উদ্ধাৰ কৰাৰ বিপৰীতে বুধবাৰে বৰপেটাৰ লকাৰৰ পৰা উদ্ধাৰ কৰে ২৩লাখ ৭৫হাজাৰ টকা। আনফালে লাট মণ্ডল সুৰজিত বৰাৰ ঘৰতো পৃথকে চলিছে অভিযান।