আৰু ক'ত ক'ত আছে সম্পত্তি? নিজে দেখুৱাই দিব নূপুৰে...

ব্যাপক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এ চি এছ বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিত ডেকাক  আদালতে ৩দিনৰ চি এম ভিজিলেন্সৰ জিম্মালৈ প্ৰেৰণ কৰে। এতিয়া চি এম ভিজিলেন্সে দুয়োগৰাকী অভিযুক্তক লৈ

author-image
Asomiya Pratidin
New Update
okkkdd

ডিজিটেল ডেস্কঃ ব্যাপক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এ চি এছ বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিত ডেকাক  আদালতে ৩দিনৰ চি এম ভিজিলেন্সৰ জিম্মালৈ প্ৰেৰণ কৰে। এতিয়া চি এম ভিজিলেন্সে দুয়োগৰাকী অভিযুক্তক লৈ গুৱাহাটীৰ লগতে বৰপেটাৰ ভিন্ন স্থানত অভিযান চলাব।

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে দুয়োগৰাকীক লৈ অভিযান চলাব বৰপেটাত। উল্লেখ্য যে, বৰপেটাত থকাৰ সময়ত নামে-বেনামে কোটি কোটি টকাৰ সম্পত্তি গঢ়িছিল দুয়োগৰাকীয়ে। বৰপেটাত আছে এটা ভাড়াঘৰো। বৰপেটাত ভিন্নজনক সোধ-পোচো কৰিব তদন্তকাৰী বিষয়াই।

ইতিমধ্যে তদন্তকাৰী বিষয়াই সদৰি কৰিছে প্ৰাৰম্ভিক তদন্ততে ইমানখিনি সম্পত্তিৰ কথা আমি গম পাইছো। পিছৰ পৰ্যায়ত ইয়াতকৈ অধিক সম্পত্তিৰ তালিকা পোহৰলৈ আহিব পাৰে।  চাকৰিত যোগদানৰ মাত্ৰ ৫ বছৰতে অগাধ সম্পত্তিৰ গৰাকী হৈছিল অন্যায়ৰ বিৰুদ্ধে ভাষ্য দিয়া নূপুৰ বৰা। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি আয়তকৈ ৪১৬% বহিৰ্ভূত সম্পত্তিৰ গৰাকী হৈছিল নূপুৰ বৰা।

অভিযোগ অনুসৰি বৰপেটাত কৰ্মৰত হৈ থকাৰ সময়তে নূপুৰ বৰাই চৰকাৰী নিয়ম ভংগ কৰি ইণ্টাৰ ৰিলিজিয়াছ লোকৰ মাজত মাটি ক্ৰয়- বিক্ৰয়ত অনুমতি প্ৰদান কৰাই নহয়, এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল

চৰকাৰে বিশেষ নিৰ্দেশনাযোগে সত্ৰৰ পৰা ৫ কিলোমিটাৰ ব্যসাৰ্ধৰ ভিতৰত বেলেগ বেলেগ ধৰ্মৰ মাজত মাটি ক্ৰয়- বিক্ৰয় কৰিব নোৱাৰিব বুলি কেবিনেটত লৈছিল সিদ্ধান্ত

এই নিয়ম ভংগ কৰি কেৱল টকাৰ বাবে নূপুৰ বৰাই বৰপেটাত অন্য ধৰ্মৰ মানুহক নামজাৰি কৰাইছিল মাটি। মাটিৰ পঞ্জীয়ন, লেন মিউটেচন, ডিমাৰ্কেচন, সীমা নিৰ্ধাৰণ আৰু মাটি সংক্ৰান্তিয় তথ্য সংগ্ৰহ বা কাম- কাজৰ বাবে ধন দাবী কৰিছিল নূপুৰ বৰাই।  এয়া কোনো লোকৰ অভিযোগ নহয়, মুখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰা প্ৰেৰণ কৰা পত্ৰত থকা কথাহে।

মঙলবাৰৰ দিনটোলৈ নূপুৰ বৰাই মুঠ ৪৫ লাখ টকা দৰমহা লাভ কৰি আছে যদিও নূপুৰ বৰাৰ গুৱাহাটীৰ ঘৰৰ পৰা জব্দ হৈছে ৮২লাখ টকা আৰু নূপুৰ বৰাৰ বৰপেটাৰ বাসগৃহৰ পৰা জব্দ ১০লাখ টকা।  পোহৰলৈ অহা তথ্য অনুসৰি নূপুৰ বৰাৰ বিভিন্ন বেংকত আছে প্ৰায় ৯টা একাউণ্ট। 

বৰপেটাত নূপুৰ বৰাৰ দুটাকৈ ল’কাৰ থকাৰো তথ্য লাভ কৰিছে তদন্তকাৰী দলে। বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত মাটি। নূপুৰ বৰাৰ আছে জালুকবাৰীত দুটাকৈ ফ্লেট, গোটানগৰত এটা ফ্লেট। নূপুৰ বৰাৰ পৰা উদ্ধাৰ হৈছে ১৪ ডাল সোণৰ চেইন, ২ ডাল হীৰাৰ নেকলেছ।  হীৰাৰ আঙঠি ১৫টা, হীৰাৰ ব্ৰেছলেট ৩ ডাল উদ্ধাৰ কৰিছে তদন্তকাৰী দলে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা