/asomiyapratidin/media/media_files/2026/02/03/jskdlkd-2026-02-03-14-10-27.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ কৰে বহু সংখ্যক বাগিচা শ্ৰমিক আৰু শ্ৰমিক পৰিয়ালে। উল্লেনুমলীগড়ৰ সমীপৱৰ্তী বগীঢলা চাহ বাগিচাত শ্ৰমিক ৰাইজে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। খুমটাই শাখা আটছাৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদত অংশগ্ৰহণখযোগ্য যে, প্ৰায় ৮ বছৰ ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ থকা বগীঢলা চাহ বাগিচাখনৰ শ্ৰমিকসকলে এতিয়ালৈকে লাভ কৰা নাই চৰকাৰৰ একাধিক কল্যাণমূলক আঁচনি। বিশেষকৈ ‘এটি কলি দুটি পাত আঁচনি’ৰ সুবিধাৰ পৰাও বঞ্চিত হৈ আছে শ্ৰমিক ৰাইজ।
প্ৰতিবাদকাৰী শ্ৰমিকসকলে অভিযোগ তোলে যে বিজেপি-মিত্ৰজোঁট চৰকাৰে চাহ বাগিচা শ্ৰমিকৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াই আহিছে। বছৰ বছৰ ধৰি বাগিচা বন্ধ হৈ থকাৰ পাছতো শ্ৰমিকৰ পুনৰ্বাসন, ৰেচন, স্বাস্থ্য আৰু আৰ্থিক সুৰক্ষাৰ ব্যৱস্থা নোহোৱাটো চৰকাৰৰ ব্যৰ্থতা বুলি অভিযোগ কৰে শ্ৰমিক সংগঠনে।
উল্লেখযোগ্য যে, ২০১৭ চনৰ ১৩ ডিচেম্বৰত বগীঢলা চাহ বাগিচাত মালিক পক্ষ আৰু শ্ৰমিক ৰাইজৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল। সেই সময়ত মালিক পক্ষই শ্ৰমিকৰ ওপৰত গুলীচালনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাৰ পিচৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে বাগিচাখন।
আজি প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ওচৰত দাবী জনাই কয় যে, বগীঢলা চাহ বাগিচা পুনৰ মুকলি কৰা, শ্ৰমিকৰ প্ৰাপ্য মজুৰি আৰু সকলো চৰকাৰী আঁচনি তৎকালীনভাৱে প্ৰদান কৰিব লাগে। অন্যথা ভৱিষ্যতে বৃহৎ আন্দোলনৰ হুঁকাৰ দিয়ে শ্ৰমিক সংগঠনে।
ইপিনে, সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাগিচাখন। বাগিচাৰ কলঘৰ, চিকিৎসালয়, কৰ্মচাৰী কোৱাৰ্টাৰকে আদি কৰি বিধ্বস্ত হৈছে মূল্যবান সা-সম্পত্তি। বাগিচাখনো সম্পূৰ্ণৰূপে হাবি-জংঘলেৰে আগুৰি ধৰিছে। বিগত ৮ বছৰে বাগিচাখন বন্ধ হৈ থকাত এই অৱস্থাৰ সৃষ্টি হৈছে। বহু যন্ত্ৰ-পাতিকে ধৰি সামগ্ৰী চুৰি হোৱাৰ অভিযোগ কৰিছে মালিক পক্ষই।
২০২০ চনৰ পৰাই বাগিচাখন খোলা আছে কিন্তু শ্ৰমিকসকল কামলৈ নহাৰ বাবেহে বাগিচাখন বন্ধ হৈ থকা বুলি কয় মালিক সুধীৰ কুমাৰ ৰয়ে। তেওঁ শ্ৰমিক সকলৰ অভিযোগ কি বা দাবী কি সেই সম্পৰ্কে আজি পৰ্যন্ত বুজি পোৱা নাই বুলিও মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us