/asomiyapratidin/media/media_files/2025/11/09/nujjd-2025-11-09-22-54-16.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ গোলাঘাট জিলাৰ নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ পৃষ্ঠপোষকতাতেই গোলাঘাট জিলাৰ দৈগ্ৰোং, কালিয়নি, ধনশিৰি নদীত বালি মাফিয়াই অবাধ গতিত বালি আৰু শিল সংগ্ৰহ কৰা ফলত নদী তিনিখনৰ স্বাভাৱিক গতিধাৰাত বাধাৰ সৃষ্টি হোৱাৰ লগতে দৈগ্ৰোঙ আৰু কালিয়নী নদীৰ বুকুত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। যাৰ বাবে বৃহত্তৰ অঞ্চলটোত জৈৱ বৈচিত্ৰৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে।
তাৎপৰ্যপূৰ্ণ যে বালি মাফিয়াই বালি সংগ্ৰহৰ বাবে জে চি বি লগাই সৃষ্টি কৰা বৃহৎ বৃহৎ গাঁত সমূহত বন্যহস্তী পৰি মৃত্যুৰ লগতে আঘাতপ্ৰাপ্ত হ'ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও এই ক্ষেত্ৰত ৰাজ্যৰ বিয়াগোম বন বিভাগটোয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।
ইফালে বনৰীয়া হাতীৰ পোৱালি বাগিচাৰ নলাৰ পৰা উদ্ধাৰ কৰা সময়ত ব্যক্তিগত খণ্ডৰ জে চি বিৰ দ্বাৰা হাতী পোৱালিৰ মাকক নীৰ্মম অত্যাচাৰ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে নুমলীগড়ত। উল্লেখ্য যে, বনবিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক এক মোটা অংকৰ ধন দি বালি মাফিয়াই নিজৰ খেয়াল খুচিত চলাই আহিছে বালিখনন। প্ৰতিদিনে শ শ ডাম্পাৰে দৈনিক অবাধ গতিত শিল-বালি সৰবৰাহ হৈ আছে উক্ত অঞ্চলৰ পৰা। এই ক্ষেত্ৰত নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ বাদশ্বাহ আলি নামৰ এজন বিষয়া বালি মাফিয়াৰ মুখ্য পৃষ্ঠপোষক বুলি অভিযোগ উত্থাপিত হৈ আহিছে।
শেহতীয়াকৈ বিধান সভাৰ আইন ৰূপায়ণ সমিতিয়ে বন বিভাগৰ প্ৰতি লোৱা এক সিদ্ধান্তই আশাৰ বাতৰি কঢ়িয়াই আনিছে নুমলীগড়বাসীলৈ। কালি এই ক্ষেত্ৰত হাতী মানুহৰ সংঘাত নিৰাময় নকৰি জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কামকাজক উৎসাহ দিয়াৰ অভিযোগত বন বিভাগৰ কেইবাজনো বিষয়াক জৰুৰী তলব কৰে বিধান সভাৰ আইন ৰূপায়ণ সমিতিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল দৈগ্ৰোং-নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য সমিপৰ অঞ্চলত।
অভয়াৰণ্য খনৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতী খেদিবলৈ গৈ গাওঁবাসীৰ ওপৰতেই গুলিবৰ্শন কৰিছিল বন কৰ্মীয়ে। ইয়াৰ পিছতেই ৰাজ্যৰ প্ৰধান বন মুখ্য বন সংৰক্ষক সন্দিপ কুমাৰ আৰু গোলাঘাটৰ বন সংমণ্ডল বিষয়া গুণদ্বীপ দাসকে আদি কৰি কেইবাজনো বিষয়াক বিধান সভাৰ আইন ৰূপায়ণ সমিতিয়ে জৰুৰী তলব কৰে। আৰু দীঘলীয়া বৈঠকৰ অন্তত নুমলীগড়ৰ বিতৰ্কিত বিট অফিচাৰ
বাদশ্বাহ আলিক নিলম্বনৰ অনুমোদন জনাই সমিতিখনে লগতে গোলাঘাটৰ বন সংমণ্ডল বিষয়া গুণদ্বীপ দাসকে আদিকৰি কেইবাজনো বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ অনোমোদন জনাই। ইফালে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত এটা বনৰীয়া হাতী বিদ্যুৎ সংযোগ হৈ মৃত্যু হোৱাৰ পাছত গোপনে পুটি থোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাছত ছৰিফুল ৰহমান নামৰ বন বিষয়া জনক পুনৰ চাকৰিত মকৰল কৰাৰ অভিযোগত কালিৰ সভাৰ সিদ্ধান্ত অনুসৰি পুণৰ নিলম্বনৰ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us