নুমলীগড়ত যান-বাহনৰ দৌৰাত্ম্য : দুৰ্ঘটনাৰ পাছতো সজাগ নহয় আৰক্ষী

গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী থানাৰ অধীনস্থ এলেকাত যান-বাহনৰ অনিয়ন্ত্ৰিত দৌৰাত্ম্য দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 11.55.42 AM

ডিজিটেল সংবাদ, বোকাখাতঃ গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী থানাৰ অধীনস্থ এলেকাত যান-বাহনৰ অনিয়ন্ত্ৰিত দৌৰাত্ম্য দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰে সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাই পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে যে নুমলীগড় আৰক্ষী থানাৰ এলেকাটোত যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী ব্যৱস্থা অতি দুৰ্বল।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰ দুপৰীয়া এএছ–০১–জেচি–৪৬৭২ নম্বৰৰ এখন তৈল পৰিবাহী টেংকাৰৰ খুন্দাত নন্দ দাস (৭০) নামৰ এজন বৃদ্ধ থিতাতে নিহত হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোক আৰু আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰিছে।

ইফালে, নুমলীগড় আৰক্ষী থানাৰ অন্তৰ্গত লেটেকুজানত সংঘটিত আন এক পথ দুৰ্ঘটনাত মাতৃ-কন্যা দুয়ো গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে আহত দুয়োজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, নুমলীগড় শোধনাগাৰৰ প্ৰকল্প সম্প্ৰসাৰণৰ কাম পূৰ্ণ গতিত চলি থকাৰ ফলত এলেকাটোত বৃহৎ পৰিমাণে তেল টেংকাৰ, ডাম্পাৰ আৰু বিভিন্ন বাণিজ্যিক যান-বাহনৰ চলাচল বৃদ্ধি পাইছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ তথা আশেপাশেৰ পথসমূহত প্ৰায় প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনা ঘটি আহিছে। এই পৰিস্থিতিৰ মাজতে আইন-শৃংখলা সুদৃঢ় কৰাৰ উদ্দেশ্যে নুমলীগড় আৰক্ষী চকীক গ্ৰাম্য থানালৈ উন্নীত কৰা হৈছিল আৰু আৰক্ষীৰ যান-বাহন শাখাও মুকলি কৰা হৈছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত যান-বাহনৰ দৌৰাত্ম্য নিয়ন্ত্ৰণত আৰক্ষীৰ তৎপৰতাৰ অভাৱ স্পষ্ট হৈ পৰিছে বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ মতে, নুমলীগড় শোধনাগাৰৰ কাষৰীয়া ৰাষ্ট্ৰীয় ঘাইপথত বেপৰোৱা গতিত চলা ডাম্পাৰ আৰু টেংকাৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে ৰংবঙ আদি কৰি গ্ৰামাঞ্চলৰ সৰু পথত তালাচী অভিযান চলাই সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। এনে পৰিস্থিতিত পথ দুৰ্ঘটনা ৰোধ আৰু সাধাৰণ ৰাইজৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জোৰদাৰ হৈছে। স্থানীয় ৰাইজৰ মতে, কেৱল থানাৰ উন্নীতকৰণ বা শাখা মুকলি কৰিলেই নহ’ব—বাস্তৱ ক্ষেত্ৰত কাঢ়া তদাৰকি আৰু কার্যকৰী পদক্ষেপ গ্ৰহণ কৰিলেহে এই ভয়ংকৰ যান-বাহনৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰা সম্ভৱ হ’ব।

নুমলীগড়