/asomiyapratidin/media/media_files/2026/01/27/2-2026-01-27-11-48-42.jpg)
ডিজিটেল ডেস্কঃ একাংশ দুস্কৃতিকাৰীৰ অমানৱীয় কাণ্ডই ভাবুকি কঢ়িয়াই আনিছে নুমলীগড়ৰ সমীপৰ কালিয়নী নদীলৈ। নুমলীগড়ৰ সমীপৰ কালিয়নী নদীত বিহ দি মাছ নিধন কৰিলে দুস্কৃতিকাৰীয়ে। এই অমানৱীয় কাৰ্যই জলজ জীৱকুলৰ লগতে স্থানীয় ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/1-2026-01-27-11-47-21.jpg)
উল্লেখ্য যে, আজি পুৱাৰ ভাগৰে বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ মৃত্যু মুখত পৰা মাছ ধৰাত ব্যস্ত হৈ পৰিল নৈ পৰিয়া ৰাইজে। ইপিনে এই বিহ ঢলা কাৰ্যত দুখ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী মহলে। স্থানীয় ৰাইজে এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি দুষ্কৃতিকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us